নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ আগন্তুক গণৰাজ্য দিৱসক লৈ এতিয়া পূৰ্ণ প্ৰস্তুতি গঢ়ি তুলিছে মহানগৰ জিলা প্ৰশাসনে । মঙলবাৰে গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত এক সংবাদমেল সম্বোধন কৰি ইয়াৰ প্ৰস্তুতি সম্পৰ্কে অৱগত কৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিত পেগুৱে । খানাপাৰাত পেৰেডৰ অনুশীলন পূৰ্ণ গতিত চলি থকাৰ লগতে চলি আছে পেণ্ডেল নিৰ্মাণৰ কাম । এইবাৰ খানাপাৰত হ’ব লগা গণতন্ত্ৰ দিৱসৰ পেৰেডৰ নেতৃত্ব ল’ব অসম ৰাইফলছে । পূৰ্বৰ দৰে এইবাৰো পেৰেডত অংশগ্ৰহণ কৰি শ্ৰেষ্ঠত্ব অৰ্জন কৰা বিদ্যালয়সমূহক পুৰস্কৃত কৰা হ’ব বুলি জানিবলৈ দিয়ে উপায়ুক্তই ।
ইফালে , নিৰাপত্তা দিশটোও অধিক কটকটীয়া কৰি তোলা হৈছে মহানগৰীত । খানাপাৰা খেলপথাৰত চিচিটিভি কেমেৰাৰ জৰিয়তে নিৰাপত্তাৰ দিশটো পৰ্যবেক্ষণ কৰা হ’ব । মুক্তমনে গণতন্ত্ৰ দিৱস উদযাপন কৰিব নোৱাৰাৰ বাবে এইবাৰ প্ৰশাসনে গ্ৰহণ কৰিছে এক বিশেষ ব্যৱস্থা । গণতন্ত্ৰ দিৱসৰ দিনা কাৰো অসুবিধা নোহোৱাকৈ অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ সেৱা ব্যাহত নহয় বুলিও কয় উপায়ুক্ত গৰাকীয়ে ।