গাঁওবুঢ়া নিযুক্তিত বৃহৎ ধনৰ লেনদেনঃ মানকাচৰৰ দুই চক্র বিষয়া আদিত্য বৰা–ইলিয়াছ আহমেদক গ্রেপ্তাৰ
নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰ: দক্ষিণ শালমাৰা–মানকাচৰ জিলাৰ গাঁওবুঢ়া নিযুক্তি কেলেংকাৰিৰ তদন্তই নতুন মোৰ লৈছে৷ টকাৰ বিনিময়ত গাঁওবুঢ়া নিযুক্তিৰ এই কেলেংকাৰিত জড়িত মানকাচৰৰ দুই চক্র বিষয়া আদিত্য বৰা আৰু ইলিয়াছ আহমেদক শনিবাৰে মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে গ্রেপ্তাৰ কৰে৷
উক্ত ঘটনাৰ তদন্ত চলাই থকা মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে শুকুৰবাৰে দুয়োজন এচিএছ বিষয়াক জেৰাৰ বাবে তলব কৰিছে৷ সেইমর্মে শুকুৰবাৰৰ দিনটোত চলা দীঘলীয়া জেৰাৰ পাছত নিশা পাণবজাৰ আৰক্ষী থানাতে ৰখা হৈছিল দুয়োজন বিষয়াক৷ কালি পুৱা লাভ কৰা বিশেষ তথ্যৰ ভিত্তিত এচিএছ বিষয়া দুজনক গ্রেপ্তাৰ কৰা হয়৷ গ্রেপ্তাৰ হোৱা আদিত্য বৰা বর্তমান বিটিচিৰ অতিৰিক্ত উপায়ুক্ত হিচাপে কার্যনির্বাহ কৰি থকাৰ বিপৰীতে ইলিয়াছ আহমেদ বর্তমান গুৱাহাটীত পৰিবহণ বিভাগৰ উপ–সচিব হিচাপে কর্মৰত হৈ আছে৷ গাঁওবুঢ়া নিযুক্তি ব’ৰ্ডৰ অন্যতম সদস্য হিচাপে থকা এই দুজনৰ লগতে ব’ৰ্ডৰ অধ্যক্ষ আছিল তদানীন্তন জিলা উপায়ুক্ত আতিকা চুলতানা আৰু তেতিয়াৰ অতিৰিক্ত উপায়ুক্ত ছাইবুৰ ৰহমান৷
উল্লেখ্য যে দক্ষিণ শালমাৰা–মানকাচৰ জিলাৰ মানকাচৰৰ ৭০টা গাঁওবুঢ়াৰ পদত আৰু দক্ষিণ শালমাৰাত ২৪টা গাঁওবুঢ়াৰ পদকে ধৰি ৯৪টা গাঁওবুঢ়া পদৰ নিযুক্তিত চলিছিল ব্যাপক অনিয়ম৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তদাৰকত থকাৰ পাছতো এই নিযুক্তিত চলিছিল ব্যাপক ধনৰ লেনদেন৷ উত্থাপিত অভিযোগ অনুসৰি গাঁওবুঢ়াৰ এটা পদৰ বিপৰীতে লেনদেন হৈছিল ৭ৰ পৰা ১০ লাখ টকা পর্যন্ত৷ মুখ্যতঃ তেতিয়াৰ অতিৰিক্ত উপায়ুক্ত ছাইবুৰ ৰহমানৰ নেতৃত্বত চলা এনে কেলেংকাৰিৰ অন্যতম অংশীদাৰ আছিল আদিত্য বৰা আৰু ইলিয়াছ আহমেদ৷ নিযুক্তিক লৈ সংঘটিত হোৱা এনে কেলেংকাৰিৰ বিৰুদ্ধে মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষত অভিযোগ দাখিল কৰিছিল একাংশ চাকৰিবঞ্চিত প্রার্থীয়ে৷
উক্ত অভিযোগৰ তদন্ত চলাই তদাৰকী শাখাই ইতিমধ্যে গ্রেপ্তাৰ কৰিছে ছাইবুৰ ৰহমানক৷ বর্তমান কাৰাগাৰৰ অতিথি হৈ থকা ছাইবুৰ ৰহমানৰ লগতে জেৰাৰ সন্মুখীন হৈছে জিলাখনৰ তদানীন্তন উপায়ুক্ত আতিকা চুলতানা৷ নিযুক্তি ব’ৰ্ডৰ অন্যতম সদস্য হিচাপে আদিত্য বৰা আৰু ইলিয়াছ আহমেদক ইয়াৰ পূর্বেও জেৰা কৰা হৈছিল৷ তদন্তকাৰী দলটোৱে লাভ কৰা তথ্যৰ ভিত্তিত কালি পুনৰ দুয়োজনকে পাণবজাৰ আৰক্ষী থানালৈ তলব কৰা হৈছে৷ এই সন্দর্ভত তদাৰকী শাখাৰ আৰক্ষী অধীক্ষক ৰ’জী কলিতাই প্রকাশ কৰা মতে, কালি পুৱা ১০.১০ বজাত দুয়োজন এচিএছ বিষয়াক ভিজিলেঞ্চৰ গোচৰৰ ভিত্তিত গ্রেপ্তাৰ কৰা হৈছে৷ তদন্ত প্রক্রিয়া অধিক শক্তিশালী কৰি আন বহু তথ্য অচিৰেই উদ্ধাৰ কৰিবলৈ সক্ষম হ’ব বুলিও আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে৷ ইফালে, গ্রেপ্তাৰৰ সম্ভাৱনাই দেখা দিছে দক্ষিণ শালমাৰা–মানকাচৰ জিলাৰ তদানীন্তন উপায়ুক্ত তথা বর্তমান সংখ্যালঘু উন্নয়ন বিভাগৰ সচিব আতিকা চুলতানাক৷ ইতিমধ্যে এবাৰ জেৰাৰ সন্মুখীন হোৱা আতিকা চুলতানাক স্বাস্থ্যজনিত কাৰণত জেৰা কৰা হোৱা নাই৷ সম্প্রতি চিকিৎসকৰ নিৰীক্ষণত থকা আতিকা চুলতানা সুস্থ হ’লেই পুনৰ জেৰাৰ সন্মুখীন হ’ব বুলি আজি আৰক্ষী অধীক্ষক ৰ’জী কলিতাই জানিবলৈ দিয়ে৷