নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গাড়ী নহয় এইবাৰ বাইক এম্বুলেঞ্চ মুকলি পিছে ক’ত?

নিয়মীয়া বাৰ্তা ২ মাৰ্চঃ ৰাজ্যৰ স্বাস্থ্য বিভাগত নতুন সংযোজন ৷ ৰাজ্যৰ ভিতৰুৱা অঞ্চলক চিকিৎসাসেৱা আগবঢ়োৱাৰ বাবে প্ৰথমবাৰৰ কাৰণে সংযোজন বাইক এম্বুলেঞ্চ ৷ ৰাজ্যখনৰ বাক্সাত আজি এই বাইক এম্বুলেঞ্চৰ শুভ উদ্বোধন  ৷ অসম তথা উত্তৰ পূৰ্বাঞ্চলতে প্ৰথম এই বাইক এম্বুলেঞ্চ সেৱা ৷ নীতি আয়োগৰ অৰ্থ সাহাৰ্যত বাক্সা জিলা স্বাস্থ্য বিভাগে আজি এই বাইক এম্বুলেন্স সেৱাৰ উদ্বোধনী কৰে ৷ এই লৈ আজি মুছলপুৰত থকা ডা: ৰবি বড়ো অসামৰিক চিকিৎসালয় চৌহদত এখন সভা অনুষ্ঠিত কৰি আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে বিটিচিৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য অনচুমৈ খুংগুৰ বড়োৱে ৷ শুভ উদ্বোধনী অনুষ্ঠানত বাক্সা জিলাৰ উপায়ুক্ত ৰঞ্জন শৰ্মা, অতিৰিক্ত উপায়ুক্ত দিলীপ বোথ্ৰা, জিলা যুটীয়া স্বাস্থ্য সঞ্চালক গুনীন্দ্ৰ নাথ দেৱশৰ্মা উপস্থিত থাকে ৷ উল্লেখ্য যে স্বাস্থ্য বিভাগত নতুন দিগন্তৰ সূচনা কৰা এই এম্বুলেঞ্চ সেৱা বাক্সা জিলাৰ জোপাদং, চুক্ৰুবাৰী আৰু কাউলীত সেৱা আগবঢ়াব ৷ বিশেষকৈ জিলাখনৰ ভিতৰুৱা অঞ্চলত এই বাইক এম্বলেঞ্চ সেৱাই সেৱা আগবঢ়াব বুলি জানিব দিয়ে স্বাস্থ্য বিভাগে ৷

You might also like