নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গাহৰিৰ ছোৱাইন ফিভাৰৰ প্রভাৱ নপৰে মানৱ শৰীৰত

সংবাদ মেলত স্পষ্ট কৰিলে এন ই পিগ ফার্মার্ছ এছ’চিয়েচনৰ

নিয়মীয়া বাৰ্তা, ২২ এপ্রিলঃ ৰাজ্যৰ বিভিন্ন প্রান্তত ক’ৰোনা ভাইৰাছৰ আতংক অব্যাহত থকাৰ সময়তে এক বিশেষ জ্বৰত বহুসংখ্যক গাহৰিৰ মৃত্যুৱে গাহৰি পালকসকলক আতংকিত কৰি তুলিছে ৷ গাহৰিৰ শৰীৰত দেখা দিয়া এই বিশেষ জ্বৰে মানুহৰ শৰীৰত প্রভাৱ পেলাব নেকি বুলিও প্রশ্ন উত্থাপন হৈছে ৷ এনে সময়তে গাহৰিৰ মাজত দেখা দিয়া এই বিশেষ ৰোগবিধ সন্দর্ভত স্পষ্টীকৰণ দাঙি  ধৰিছে নর্থ–ইষ্ট প্র’গ্রেছিভ পিগ ফার্মাছ এছ’চিয়েচনে ৷ গুৱাহাটীত এখন সংবাদ মেলত এছ’চিয়েচনৰ সভাপতি মনোজ কুমাৰ বসুমতাৰীয়ে কয় যে ক্লাছিকেল ছোৱাইন ফিভাৰ প্রতিবছৰে এই সময়ছোৱাত গাহৰিৰ শৰীৰত দেখা দিয়ে ৷ ই ভাইৰাছজনিত সংক্রামক ৰোগ যদিও ইয়াৰ প্রভাৱ কেৱল গাহৰিৰ ওপৰতহে পৰে ৷ মানুহৰ শৰীৰত এই ৰোগ বিধৰ প্রভাৱ নপৰে ৷

প্রতিষেধক প্রদান কৰি এই ভাইৰাছৰ সংক্রমণ ৰোধ কৰিব পৰা যায় বুলি উল্লেখ কৰি তেওঁ কয়–এই ভাইৰাছৰ সংক্রমণ প্রতিবছৰে দেখা যায় যদিও এইবাৰ ইয়াৰ প্রাদুর্ভাৱ যথেষ্ট বৃদ্ধি হৈছে৷ যাৰ ফলত আক্রান্ত জিলাসমূহত বৃহৎসংখ্যক গাহৰিৰ মৃত্যু ঘটিছে আৰু গাহৰিৰ পালকসকল ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে৷ শিৱসাগৰ, যোৰহাট, লখিমপুৰ, ধেমাজি, নগাঁও আদি জিলাত গাহৰিৰ পালকসকল অধিক ক্ষতি হৈছে৷ আনহাতে, ৰাজ্যৰ বিভিন্ন প্রান্তত গাহৰিৰ মৃত্যু ছোৱাইন ফ্লুৰ বাবে হোৱা বুলি প্রচাৰ হোৱাৰ ক্ষেত্রত তেওঁ স্পষ্টীকৰণ দাঙি ধৰি কয় যে ২০১০ চনৰ আগষ্টত বিশ্ব স্বাস্থ্য সংস্থাই ছোৱাইন ফ্লু অথবা এইচ–১এন–১ ভাইৰাছ বিলুপ্ত বুলি ঘোষণা কৰিছে৷ সম্প্রতি বিভিন্ন মাধ্যমত প্রচাৰ হোৱাৰ দৰে ছোৱাইন ফ্লুৰ ফলত গাহৰিৰ মৃত্যু হোৱা নাই৷ সেয়েহে এই সংকটৰ সময়ত ক্লাছিকেল ছোৱাইন ফিভাৰৰ প্রতিষেধক গাহৰি পালকসকলৰ মাজত সহজে উপলব্ধ কৰিবলৈ তেওঁ ৰাজ্য চৰকাৰক আহ্বান জনায়৷ এই প্রসংগত তেওঁ কয়– শেহতীয়াকৈ পশুপালন বিভাগে কিছু প্রতিষেধক জিলাসমূহলৈ প্রেৰণ কৰিছে৷ কিন্তু এই ৰোগবিধ প্রতিৰোধৰ বাবে আমি নিয়মীয়া টিকাকৰণ শিবিৰ অনুষ্ঠিত কৰিবলৈ আহ্বান জনাইছোঁ ৷ খানাপাৰাস্থিত জৈৱিক কেন্দ্রত এই প্রতিষেধক বহুল পৰিমাণৰ উৎপাদন কৰিবলৈ চৰকাৰে ব্যৱস্থা গ্রহণ কৰক ৷

ইপিনে, এইক্ষেত্রত গাহৰি পালকসকলকো জৈৱ সুৰক্ষাৰ ওপৰত তেওঁ বিশেষভাৱে গুৰুত্ব দিবলৈ আহ্বান জনাইছে৷ সেই অনুসৰি গাহৰিক প্রতিষেধক প্রদানৰ সময়ত বুষ্টাৰ, ক’ল্ডচেইন আদি পালন কৰাটো অত্যন্ত জৰুৰী৷ এই ৰোগত আক্রান্ত হৈ মৃত্যু হোৱা গাহৰিক মাটিৰ তিনি–চাৰি ফুট তললৈকে গাঁত খান্দি পুতি পেলাবলৈ অথবা ভালদৰে জ্বলাই দিবলৈ এছ’চিয়েচনে আহ্বান জনাইছে৷ একাংশ গাহৰিৰ পালকে এই জ্বৰত আক্রান্ত হৈ মৃত্যু হোৱা গাহৰি বিভিন্ন অঞ্চলৰ নদীত উটুৱাই দিয়াৰ ফলত ভৱিষ্যতে ইয়াৰ প্রার্দুভাৱ অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে বসুমতাৰীয়ে ৷

উল্লেখ্য যে ২০সংখ্যক পশুধন পিয়ল অনুসৰি অসমত গাহৰিৰ সংখ্যা দেশৰ ভিতৰতে সর্বাধিক৷ উত্তৰ–পূর্বাঞ্চলে দেশত উৎপাদিত ৬৫ শতাংশ গাহৰি গ্রহণ কৰে৷ যাৰ পৰিমাণ হৈছে ৪.২৬ লাখ মেট্রিক টন৷ উত্তৰ–পূর্বাঞ্চলৰ গাহৰিৰ মাংসৰ বজাৰ মূল্য প্রায় ১ বিলিয়ন মার্কিন ডলাৰ৷ কিন্তু এই বৃহৎ বজাৰখনৰ বাবে অহা গাহৰিৰ মাংসৰ গুণাগুণ পৰীক্ষা কৰা নহয়৷ সেয়েহে শেহতীয়াভাৱে অসম আৰু উত্তৰ–পূর্বাঞ্চলত শিক্ষিত নিবনুৱাই গাহৰি পালন কৰি স্বাৱলম্বী হ’বলৈ আগবাঢ়ি আহিছে৷ এই নতুন পালকসকলক উৎসাহ যোগাবলৈ পশু চিকিৎসা আৰু গুৰুত্বপূর্ণ প্রতিষেধক সহজে উপলব্ধ কৰাবলৈ বসুমতাৰীয়ে ৰাজ্য চৰকাৰক আহ্বান জনায়৷ একেদৰে পশু জীৱন বীমাৰ সুবিধা প্রদান কৰিবলৈ আহ্বান জনাই সংবাদ মেলত তেওঁ এই বুলিও কয়– অসমৰ গাহৰি পালকসকলৰ এক আধাৰ তথ্য প্রস্তুত কৰিব লাগে৷ বর্তমান গাহৰি পালকসকলে পশু খাদ্যৰ অভাৱৰ বাবে তীব্র অর্থনৈতিক সংকটৰ সন্মুখীন হৈছে৷ সেয়েহে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ জৰিয়তে চাপৰ, ৰাইচ পলিচ, ভগ্ণ ধানৰ অংশ আৰু এফ চি আইৰ নষ্ট খাদ্যসমূহ পশুপালকসকলৰ মাজত বিতৰণ কৰা উচিত৷ একেদৰে এই মহামাৰীত পশুধন হেৰুওৱা গাহৰি পালকসকলক ক্ষতিপূৰণ প্রদান কৰিব লাগে৷ উল্লেখ্য যে এছ’চিয়েচন হৈছে প্রায় ৫০০ গাহৰি পালকৰ এক স্বতন্ত্র সংগঠন৷ উত্তৰ–পূর্বাঞ্চলত গাহৰিৰ এক উৎকৃষ্ট কেন্দ্র হিচাপে গঢ়ি তুলিবলৈ এই এছ’চিয়েচনে কাম কৰি আহিছে৷

You might also like