নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গীতে-মাতে মুখৰ স্নেহবন্ধন

নিয়মীয়া বাৰ্তা,১৭ নৱেম্বৰঃ শনিবাৰে কৈলাশ নাথ শৰ্মা ট্ৰাষ্টৰ দ্বাৰা পৰিচালিত স্নেহবন্ধনৰ বাৰ্ষিক দিৱস অনুষ্ঠিত হয় । অনুষ্ঠানটোৰ আৰম্ভণিতে কৈলাশ নাথ শৰ্মাৰ ফটোৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে তেওঁৰ পত্নী তথা কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি মৃণালিনী দেৱী আৰু বিশিষ্ট চিকিৎসক ডা০ হিতেশ বৰুৱাই । অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে প্ৰাইড ইষ্ট এণ্টাৰটেইনমেন্ট প্ৰাইভেট লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শৰ্মা, বিশিষ্ট সংগীত পৰিচালক ভূপেন উজীৰ, শান্তা উজীৰকে ধৰি কেইবাগৰাকীও বিশিষ্ট লোক । অনুষ্ঠানৰ লগত সংগতি ৰাখি গীত আৰু নৃত্যৰ বিভিন্ন অনুষ্ঠানো অনুষ্ঠিত হয় । স্নেহবন্ধনৰ লগতে উদয়াচল বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অনুষ্ঠান পৰিৱেশন কৰে । শিক্ষাৰ্থী সকলক উদ্দেশ্যি বিশিষ্ট সংগীত পৰিচালক ভূপেন উজীৰে কয় – স্নেহবন্ধন এক অতি পবিত্ৰ অনুষ্ঠান আৰু এই অনুষ্ঠানে কৰা প্ৰতিটো কামৰ সৈতে নিজকে জড়িত কৰি ধন্য হৈ পৰা যায় । আনহাতে , নিজৰ ভাষণত স্নেহবন্ধন কৰ্তৃপক্ষক এনে এক অনুষ্ঠানৰ বাবে ধন্যবাদ জ্ঞাপন কৰে চিকিৎসক হিতেশ বৰুৱাই । এই অনুষ্ঠানতে বিভিন্ন শাখাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ প্ৰদান কৰা হয় ।

অনুষ্ঠানত মৃণালিনী দেৱী আৰু ৰিণিকি ভূঞা শৰ্মা
You might also like