নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত নিশা দুটাকৈ আইইডি উদ্ধাৰ

ভয়াৱহ কূটাঘাতৰ পৰা কথমপি ৰক্ষা পৰিল মহানগৰী

নিয়মীয়া বাৰ্তা ফেব্রুৱাৰীঃ প্রধানমন্ত্রীৰ অসম ভ্রমণৰ প্রাক্ক্ষণত ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল গুৱাহাটী মহানগৰ৷ বুধবাৰে নিশাৰ ভাগত গুৱাহাটীৰ পল্টনবজাৰ আৰু পাণবজাৰত দুটাকৈ আই ই ডি উদ্ধাৰ হয়৷ নিৰাপত্তাৰক্ষীৰ তীক্ষ্ণ নজৰত থকাৰ পিছতো গুৱাহাটীত এনেদৰে দুটাকৈ আই ই ডি উদ্ধাৰ হোৱা ঘটনাই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ আৰক্ষী আয়ুক্ত মুন্নাপ্রসাদ গুপ্তাই জানিবলৈ দিয়া মতে, তিনিচুকীয়াত গ্রেপ্তাৰ হোৱা আলফা (স্বাঃ)ৰ এজন সদস্যৰ স্বীকাৰোক্তিৰ ভিত্তিত আজি সন্ধিয়া সদাব্যস্ত পাণবজাৰৰ মডার্ন বুক ডিপ’ আৰু পল্টনবজাৰ থানাৰ সমীপৰ পার্কিঙৰ কাষৰ পৰা আই ই ডি দুটা উদ্ধাৰ কৰে আৰক্ষীয়ে৷ আলফা (স্বাঃ)ৰ সদস্যই কূটাঘাতমূলক কার্যকলাপ সংঘটিত কৰাৰ লক্ষ্যৰে গুৱাহাটী মহানগৰীত দুটাকৈ আই ই ডি স্থাপন কৰা বুলি প্রাথমিক তদন্তৰ অন্তত পোহৰলৈ আহিছে৷ উল্লেখ্য যে ছয়গাঁৱতো আজি উদ্ধাৰ হয় পাঁচটাকৈ আই ই ডি৷ অহা ৭ ফেব্রুৱাৰীত কোকৰাঝাৰলৈ প্রধানমন্ত্রীৰ আগমনক কেন্দ্র কৰি সমগ্র ৰাজ্যতে ব্যাপক সুৰক্ষা ব্যৱস্থা গঢ়ি তোলা হৈছে৷ এনে কঠোৰ নিৰাপত্তা তথা সুৰক্ষাৰ মাজতে খোদ মহানগৰীৰ মাজমজিয়াত কূটাঘাতৰ উদ্দেশ্যে সংস্থাপন কৰা আই ই ডি উদ্ধাৰ হোৱা ঘটনাই স্বাভাৱিকতে গুৱাহাটীবাসীৰ লগতে ৰাজ্যবাসীক শংকিত কৰি তুলিছে৷ মন কৰিবলগীয়া যে তিনিচুকীয়াত গ্রেপ্তাৰ হোৱা আলফা (স্বাঃ)ৰ সদস্যজনৰ স্বীকাৰোক্তিৰ ভিত্তিত তিনিচুকীয়া আৰক্ষীয়ে অসম আৰক্ষীৰ বিশেষ শাখাক মহানগৰীত বিস্ফোৰণ অথবা অন্য কূটাঘাতৰ সম্ভাৱনাৰ কথা অৱগত কৰিছিল৷ সেই মর্মে কালিৰে পৰা আৰক্ষীয়ে সমগ্র মহানগৰীতে বিশেষ অভিযান চলাই থকা অৱস্থাতে আজি পাণবজাৰ আৰু পল্টনবজাৰত দুটাকৈ আই ই ডি উদ্ধাৰ হয়৷ পৰিত্যক্ত বেগৰ ভিতৰত উদ্ধাৰ হোৱা আই ই ডি দুটা পিছত সুৰক্ষাৰ মাজেৰে বোমা বিশেষজ্ঞই নিৰাপদ স্থানলৈ আঁতৰাই নিয়ে৷ সমগ্র ঘটনা সন্দর্ভত মহানগৰ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে৷ মন কৰিবলগীয়া যে আলফা (স্বাঃ)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই শেহতীয়াকৈ সার্বভৌমত্বৰ চর্তত দিল্লীৰে আলোচনা কৰিবলৈ ৰাজি বুলি সংবাদ মাধ্যমৰ জৰিয়তে মত প্রকাশ কৰিছে৷ পৰেশ বৰুৱাৰ এনে ইংগিতক ৰাজ্য চৰকাৰে গুৰুত্বসহকাৰে গ্রহণ কৰি আলোচনাৰ বাবে পৰিৱেশ গঠন কৰাৰ কথা ঘোষণা কৰি আহিছে৷ আলফাৰ সৈতে সৃষ্টি হোৱা এনে আলোচনাৰ পৰিৱেশৰ মাজতে গুৱাহাটী মহানগৰীত দুটাকৈ আই ই ডি উদ্ধাৰ হোৱা ঘটনাই সমগ্র বিষয়টোক পুনৰ চর্চালৈ আনিছে৷ ইফালে আৰক্ষীৰ সূত্রই প্রকাশ কৰা অনুসৰি গুৱাহাটী মহানগৰীত কূটাঘাতৰ বাবে আলফাই লক্ষ্য কৰি লোৱাৰ তথ্য কিছুদিন পূর্বে লাভ কৰিছিল৷ সেই মর্মে যোৱা ৪৮ ঘণ্টাত আৰক্ষীয়ে গোপনে সম্ভাব্য কূটাঘাত নিয়ন্ত্রণৰ বাবে প্রস্তুতি চলাই আছে৷ এই অভিযান অনুসৰিয়েই আৰক্ষীয়ে আজি পাণবজাৰ আৰু পল্টনবজাৰত দুটাকৈ আই ই ডি উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ লক্ষণীয় বিষয় যে বড়ো চুক্তিৰ পিছত কোকৰাঝাৰত অনুষ্ঠিত হ’বলগীয়া আনন্দ উৎসৱত ভাগ লোৱাৰ উদ্দেশ্যে অহা ৭ ফেব্রুৱাৰীত অসম ভ্রমণ কৰিব প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে৷ দুগৰাকীকৈ ভি আই পিৰ আগমনৰ প্রাক্ক্ষণত গুৱাহাটীৰ মাজমজিয়াত আই ই ডি উদ্ধাৰ হোৱাৰ ঘটনাই স্বাভাৱিকতে আৰক্ষীৰ মাজতো খলকনিৰ সৃষ্টি কৰিছে৷ কিয়নো উদ্ধাৰ হোৱা আই ই ডি দুটা বিস্ফোৰণ হ’লে ভয়ংকৰ দুর্ঘটনা সংঘটিত হোৱাৰ পূৰামাত্রেই সম্ভাৱনা আছিল৷ সেয়াই নহয় অহা ১৫ ফেব্রুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’ব ফিল্মফেয়াৰ এৱার্ড অনুষ্ঠান৷ বলীউডৰ কুৰিজনতকৈও অধিক ষ্টাৰ অভিনেতা–ভিনেত্রী উপস্থিত থাকিব৷ এনে অৱস্থাত মহানগৰীৰ সদাব্যস্ত অঞ্চলত দুটাকৈ আই ই ডি উদ্ধাৰৰ ঘটনাই ৰাজ্যবাসীক শংকিত কৰি তুলিছে৷

You might also like