গুৱাহাটীত ফিল্ম ফেয়াৰৰ বিৰোধিতা কৰা সকলে ভুল কৰিছেঃ জুবিন গাৰ্গ
আমি CAAৰ বিৰোধী কিন্তু ফিল্ম ফেয়াৰৰ বিৰোধী নহয়ঃ জুবিন
নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰীঃ গুৱাহাটীত ফিল্ম ফেয়াৰৰ বিৰোধিতা কৰা সকলে ভুল কৰিছে।ফিল্মফেয়াৰ বা এনেধৰণৰ ৰাষ্ট্ৰীয় অনুষ্ঠানে অসমৰ অৰ্থনীতি সবল কৰিব বুলি মন্তব্য কৰে অসমৰ জনপ্ৰিয় শিল্পীগৰাকীয়ে। তেওঁ লগতে কয় যে এনেবোৰ অনুষ্ঠান নহ’লে অসমলৈ কোনো মানুহ নাহিব। CAAৰ বিৰোধিতা কৰাৰ কথা সুকীয়া। অসমত খেলো লাগিব, সংস্কৃতিও লাগিব আমাৰ আন্দোলন ইয়াৰ বিপৰীতে নহয়। সেয়ে এনে বিৰোধিতা কৰাৰ কোনো যুক্তি নাই বুলিও কয় জুবিনে। আমি CAAৰ বিৰোধী কিন্তু ফিল্ম ফেয়াৰৰ বিৰোধী নহয়। টংলাত এই মন্তব্য কৰে জুবিন গাৰ্গে।