নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত লক ডাউন দিয়াৰ বাবেই অসমত বিয়পিল ক’ৰোনাঃ দীপাংক নাথ

নিয়মীয়া বাৰ্তা, ৮ জুলাইঃ গুৱাহাটীত লকডাউনৰ সিদ্ধান্ত ভুল আছিল। গুৱাহাটীত লকডাউন দিয়াৰ বাবে সমগ্ৰ অসমলৈ বিয়পিল ক’ৰোনা ভাইৰাছ। ক’ৰোনা আক্ৰান্তসকলক চিকিৎসালয়ত ৰাখি চৰকাৰে নাটক কৰিছে। কেৱল মাত্ৰ কফ চিৰাপ খাবলৈ দিয়ে হাস্পতালত। যোৱা ৩ মাহে চলি থকা নাটকত অতিষ্ঠ হৈছে ৰাইজ আৰু এই নাটক শেষ হ’ব লাগে এই অভিযোগ আছুৰ সভাপতি দীপাংক নাথৰ।

স্বাস্থ্য মন্ত্ৰীকে ধৰি স্বাস্থ্যকৰ্মীসকল ঘৰে ঘৰে ঘূৰি ফুৰি নাটক কৰিছে। ক’ৰোনাত যিকেইগৰাকী লোক আক্ৰান্ত হৈছে তেওঁলোকৰ প্ৰায়সংখ্যকেই অন্য ৰোগত আক্ৰান্ত। ক’ৰোনা কোনো ডাঙৰ বেমাৰ নহয়। ক’ৰোনাৰ বাবেই দুমাহ পিছুৱাই গ’ল অসম লগতে অতি শীঘ্ৰে নতুন ৰাজনৈতিক দল গঠন হ’ব বুলিও সংবাদমাধ্যমৰ আগত মন্তব্য কৰে দীপাংক নাথে।

আছু সদস্যসকলক PPE KIT নিপিন্ধাকৈ ক’ৰোনাত আক্ৰান্ত ৰোগীক সেৱা আগবঢাবলৈ প্ৰত্যাহ্বান স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।যদি এয়াই নাটকেই হয় তেন্তে তেওঁলোকে সেৱা আগবঢ়াওক এই ক্ষেত্ৰত আমাৰ একো ক’বলগীয়া নাই। অসমত সকলো ভুল হ’লেও আছু শুদ্ধ বুলি কটাক্ষ মন্ত্ৰীগৰাকীৰ।

You might also like