গুৱাহাটীলৈ আহিব লোকসভাৰ অধ্যক্ষ ওম বিৰলাসহ ৪০ ৰাষ্ট্রৰ ভিভিআইপি
নিয়মীয়া বাৰ্তা, ৫ এপ্ৰিলঃ এখন আন্তঃৰাষ্ট্রীয় অধিৱেশনক লৈ বিশেষ তৎপৰতা আৰম্ভ হৈছে অসম বিধানসভা সচিবালয়ত৷ অহা ১১ আৰু ১২ এপ্রিলত গুৱাহাটীত অনুষ্ঠিত হ’ব অষ্টম কমনৱেলথ পার্লিয়ামেণ্টৰী এছ’চিয়েচনৰ ইণ্ডিয়া ৰিজিনৰ অধিৱেশন৷ ৪০খনতকৈ অধিক দেশৰ প্রতিনিধিয়ে অংশগ্রহণ কৰিবলগীয়া এই অধিৱেশনৰ বাবে বিধানসভা সচিবালয়ত এতিয়া দিনে–ৰাতিয়ে চলিছে যুদ্ধকালীন তৎপৰতা৷
উল্লেখ্য যে এই অধিৱেশনৰ পূর্বে ৯ আৰু ১০ এপ্রিলত অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্রীয় মধ্য বার্ষিক অধিৱেশন৷ এই অধিৱেশনত উপস্থিত থাকিব দেশৰ কেইবাখনো ৰাজ্যৰ অধ্যক্ষ, উপাধ্যক্ষ, বিৰোধী দলপতিসমূহৰ লগতে লোকসভাৰ অধ্যক্ষ ওম বিৰলা৷ দীর্ঘদিনৰ পাছত গুৱাহাটীত অনুষ্ঠিত হ’বলগা অষ্টম কমনৱেলথ পার্লিয়ামেণ্টৰী এছ’চিয়েচনৰ বৈঠকৰ দায়িত্ব অর্পণ কৰা হৈছে অসম বিধানসভাক৷ হোটেল ৰেডিছন ব্লুত অনুষ্ঠিত হ’বলগা এই বৈঠকত অংশগ্রহণ কৰিবলৈ গুৱাহাটীলৈ অহা প্রতিগৰাকী বিদেশী প্রতিনিধিক থলুৱা সংস্কৃতি আৰু খাদ্যৰ সৈতে পৰিচয় কৰি দিবলৈ বিশেষ ব্যৱস্থা কৰিছে বিধানসভা সচিবালয়ে৷ প্রতিনিধিসকলক পর্যায়ক্রমে পবিতৰা অভয়াৰণ্য, বস্ত্রনগৰী শুৱালকুছি আৰু ওদালগুৰিৰ দুখন চাহ বাগিচা দেখুওৱা হ’ব৷ সমান্তৰালভাৱে অধিৱেশনৰ লগতে অনুষ্ঠিত কৰা হ’ব সাংস্কৃতিক অনুষ্ঠান৷ ইফালে, আন্তঃৰাষ্ট্রীয় মধ্য বার্ষিক অধিৱেশনৰ বাবেও বিধানসভা সচিবালয়ত সকলো ধৰণৰ প্রস্তুতি সম্পূর্ণ কৰি তোলা হৈছে৷