গুৱাহাটীৰ ৰাইডিং এণ্ড পল’ ক্লাবৰ বিষয়ালৈ বন বিভাগৰ চমন
ডিব্রু–ছৈখোৱাৰ বন–ঘৰচীয়া ঘোঁৰাৰ চোৰাং বেহা
নিয়মীয়া বার্তা, ১৪ মার্চঃ ডিব্রু–ছৈখোৱাৰ বিশ্ববিখ্যাত বন ঘৰচীয়া ঘোঁৰাৰ চোৰাং বেহাৰ লগত জডিত মূল অপৰাধীজনৰ ঘটনাৰ এপষেক উকলি যোৱাৰ পাছতো লোকচক্ষুৰ আঁতৰতে ৰ’ল ৷ উল্লেখ্য যে এটা দুষ্টচক্রই যোৱা ২৮ ফেব্রুৱাৰীত ডিব্রু–ছৈখোৱাৰ ছটা বিৰল বন ঘৰচীয়া ঘোঁৰা ডাঙৰীৰ লাউপাটি ফুলবাৰীৰ পৰা ড্রাকত বোজাই কৰি লৈ যাওঁতে সংবাদসেৱী আৰু সচেতন লোকৰ তৎপৰতাত বন্য প্রাণী সুৰক্ষা বিভাগে মাকুমত জব্দ কৰিছিল ৷ ঘটনাৰ সর্ন্দভত বন বিভাগে গাড়ীখনৰ চালক ৰফিকুল ইছলাম, হেণ্ডিমেন আব্দুল কালাম, অৱসৰপ্রাপ্ত সেনা খগেন বৈশ্য আৰু অৱসৰপ্রাপ্ত নৌসেনা অৰুণ পাল সিঙক গ্রেপ্তাৰ কৰি জে’ল হাজোতলৈ প্রেৰণ কৰিছিল ৷ বন বিভাগৰ উচ্চস্তৰৰ সূত্রই জব্দকৃত ছটা ঘোঁৰা ডিব্রু–ছৈখোৱাৰ আপুৰুগীয়া বন ঘৰচীয়া ঘোঁৰা বুলি নিশ্চিত কৰাৰ অন্তত উপযুক্ত চিকিৎসা প্রদান কৰি উদ্যানখনত পুনৰ যোৱা ৭ মার্চত বন্যপ্রাণী সুৰক্ষা বিভাগে মেলি দিয়াৰ ব্যৱস্থা কৰে ৷ উল্লেখ্য যে, ডিব্রু–ছৈখোৱাৰ আপুৰুগীয়া বন ঘৰচীয়া ঘোঁৰাকেইটা সৰবৰাহত লাউপাটি ফুলবাৰীত নির্মীয়মাণ চৰকাৰী চিকিৎসালয়খনত মহৰী হিচাপে থকা জনৈক প্রদীপ গগৈ জডিত বুলি অভিযোগ উঠাৰ লগতে নির্মীয়মাণ চিকিৎসালয়খনৰ ঠিকাদাৰ তথা গগৈ উপাধিধাৰী এগৰাকী মহিলাও জডিত বুলি অভিযোগ উঠিছিল ৷
উল্লেখ্য যে বন ঘৰচীয়া ঘোঁৰাৰ চোৰাং বেহাৰ বিষয়ে তদন্ত কৰিবলৈ তিনিচুকীয়াৰ বন্যপ্রাণী সুৰক্ষা বিভাগৰ প্রাধিকাৰীগৰাকীক মুখ্য তদন্তকাৰী বিষয়া হিচাপে লৈ তদন্ত অব্যাহত ৰাখিছে যদিও ঘটনাৰ এপষেক উকলি যোৱাৰ পাছতো চোৰাং বেহাৰ লগত জডিত মূল অপৰাধী কৰায়ত্ত কৰিবলৈ সক্ষম নহ’ল ৷ তিনিচুকীয়া বন্যপ্রাণী সংমণ্ডলৰ বন প্রাধিকাৰী আৰ এছ ভাৰতীয়ে জানিবলৈ দিয়া মতে লাউপতি ফুলবাৰীত নির্মীয়মাণ চৰকাৰী চিকিৎসালয়খনৰ ঠিকাদাৰ আৰু মহৰীজন অদ্যাপি পলাতক হৈ আছে ৷ আনহাতে ডিব্রু–ছৈখোৱাৰ বন ঘৰচীয়া ঘোঁৰা কেলেংকাৰি সন্দর্ভত পোহৰলৈ আহিছে কেতবোৰ ন ন তথ্য৷ জানিব পৰা মতে, জব্দকৃত পৃথিৱী বিখ্যাত বন–ঘৰচীয়া ঘোঁৰাকেইটা ডিব্রু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যানৰ পৰা সংগোপনে গুৱাহাটীৰ ‘ৰাইডিং এণ্ড পল ক্লাব’ নামৰ প্রতিষ্ঠানলৈ নিয়াৰ চেষ্টা চলাইছিল দুষ্টচক্রটোৱে৷ ঘটনা সন্দর্ভত ‘ৰাইডিং এণ্ড পল ক্লাব’ৰ পৃষ্ঠপোষক তথা অৱসৰপ্রাপ্ত সেনা বিষয়া আশুতোষ ত্রিপাঠী সোধা–পোছাৰ বাবে ইতিমধ্যে চমন জাৰি কৰা হৈছে বুলি জানিবলৈ দিছে তিনিচুকীয়া বন্যপ্রাণী সংমণ্ডলৰ বন প্রাধিকাৰী তথা ডিব্রু– ছৈখোৱাৰ ৰাষ্ট্রীয় উদ্যানৰ বন ঘৰচীয়া ঘোঁৰা কেলেংকাৰিৰ তদন্তকাৰী বিষয়া আৰ এছ ভাৰতীয়ে৷ জানিব পৰা মতে, অহা ২০ মার্চৰ ভিতৰত ত্রিপাঠীয়ে তিনিচুকীয়াৰ বন্যপ্রাণী সংমণ্ডলত হাজিৰ হ’ব লাগিব৷ উল্লেখ্য যে যোৱা ২৮ ফেব্রুৱাৰীত মাকুম বন বিভাগে জব্দ কৰা চোৰাং বন ঘৰচীয়া ঘোঁৰাভর্তি ড্রাকখনৰ লগতে এখন কেৰালাত পঞ্জীয়নভুক্ত নম্বৰ প্লেট সংলগ্ণ ‘বিটাৰা ব্রিজা’ গাডীও গৈছিল বুলি চর্চা হোৱা গাডীখনৰো বর্তমানলৈকে কোনো সন্ধান উলিয়াবলৈ বন বিভাগ সক্ষম হোৱা নাই৷ অৱশ্যে কম দিনৰ ভিতৰতে সকলো পোহৰলৈ আনি দোষীক উপযুক্ত শাস্তি বিহাৰ ব্যৱস্থা কৰিব বুলিও জানিবলৈ দিছে তদন্তকাৰী বিষয়াগৰাকীয়ে৷ বন বিভাগৰ লগতে সংশ্লিষ্ট কর্তৃপক্ষক বন ঘৰচীয়া ঘোঁৰাৰ চোৰাং বেহা চলোৱা চক্রটোৰ বিৰুদ্ধে উপযুক্ত তদন্ত চলাই চক্রটোক পুলিয়ে–পোখাই উৎখাত কৰাৰ ব্যৱস্থা কৰিবলৈ প্রকৃতিপ্রেমীয়ে দাবী জনাইছে ৷