নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী ৰে’ল ষ্টেচনত ক’ৰোনা ভাইৰাছ প্ৰতিৰোধৰ সজাগতা

নিয়মীয়া বাৰ্তা, ৯ মাৰ্চঃ সমগ্ৰ বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা ক’ৰোনা ভাইৰাছৰ বাবে এইবাৰ গুৱাহাটী ৰে’ল ষ্টেচনত গ্ৰহণ কৰা হৈছে বিশেষ সজাগতা । স্বাস্থ্য বিভাগৰ তৰফৰ পৰা এটা নাৰ্ছৰ দল প্ৰেৰণ কৰা হৈছে ষ্টেচনলৈ । এই দলটোৱে প্ৰতিজন যাত্ৰীৰ স্বাস্থ্য সম্বন্ধে বুজ লোৱাৰ লগতে অব্যাহত ৰাখিছে স্বাস্থ্য পৰীক্ষা ।

ভাৰতত বৰ্তমানলৈকে ৪৬ জন লোক আক্ৰান্ত হৈছে এই ভাইৰাছত । কেৰালাত একেটা পৰিয়ালৰে পাঁচজন লোকৰ দেহত এই ভাইৰাছৰ অৱস্থিতি পোৱা গৈছে । ইয়াৰ মাজত আছে এটি তিনিবছৰীয়া শিশু ।

উল্লেখ্য যে, অসম ভ্ৰমণ কৰি ভূটানলৈ যোৱা মাৰ্কিন পৰ্যটক গৰাকীৰ দেহত ক’ৰোনা ভাইৰাছৰ অৱস্থিতি পোৱাৰ পাচতেই আতংকিত হৈ পৰিছে অসমৰ জনগণ । সেই বিশেষ পৰ্যটকজনৰ সংস্পৰ্শলৈ অহা প্ৰতিজন লোককেই স্বাস্থ্য পৰীক্ষাৰ লগতে চিকিৎসকৰ নিৰীক্ষণত ৰখা হৈছে যদিও বৰ্তমানলৈকে অসমত কোনোধৰণ ক’ৰোনা আক্ৰান্ত লোকৰ তথ্য পোহৰলৈ অহা নাই ।

You might also like