গেৰুকামুখ প্রকল্পৰ আন এখন গার্ড ৱালতো খহনীয়া
নিয়মীয়া বার্তা, ৩১ মে’: আশংকা কৰাতকৈও বহু বেছি বিপর্যয় সৃষ্টিৰ সম্ভাৱনা কঢ়িয়াইছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পই৷ শেহতীয়াকৈ আছুৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈৰ নেতৃত্বত যোৱা এটা সঁজাতী দলে গেৰুকামুখ প্রকল্প পৰিদর্শন কৰাৰ সময়ত বহু ভয়ংকৰ তথ্য পোহৰলৈ আহে৷ আছু নেতৃত্বই দেখিবলৈ পায় যে ২০০০ মেগাৱাট জলবিদ্যুৎ উৎপাদনক্ষম প্রকল্পটোত এজাক বৰষুণতে এখন গার্ড ৱাল সম্পূর্ণৰূপে খহি পৰিছে৷ আনহাতে, আন এখন গার্ড ৱালতো ব্যাপক খহনীয়া সৃষ্টি হৈছে৷ এই ভয়াৱহ দৃশ্য দেখাৰ পাছত আছু নেতৃত্বই আসোঁৱাহপূর্ণ বান্ধটোৰ নির্মাণ বন্ধ কৰাৰ দাবী জনাইছে৷
একে সময়তে কিন্তু শনিবাৰে এক বিবৃতিৰ জৰিয়তে সদৌ অসম ছাত্র সন্থাই বিশেষজ্ঞসকলৰ বিজ্ঞানসন্মত অনুমোদন কার্যকৰী কৰাৰো দাবী জনাইছে৷ ছাত্র সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে এই বিষয়ে কয় যে বৃহৎ নদীবান্ধৰ নামনিত বসবাস কৰা জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ প্রতি বান্ধটোৱে আনিব পৰা ভাবুকিৰ বিষয়বোৰ সঁচা বুলি প্রমাণ হ’ল৷ অসমৰ জনসাধাৰণ, ছাত্র সন্থা–৩০ জনগোষ্ঠীয় সংগঠন, আন আন আন্দোলনকাৰী সংগঠনে অতদিনে বৃহৎ নদীবান্ধটোৰ অপকাৰিতা সম্পর্কে যিসমূহ বিজ্ঞানসন্মত যুক্তি উত্থাপন কৰি আহিছিল, সেই কথাবোৰ সঁচা বুলি প্রমাণিত হ’ল৷ এজাক ডাঙৰ বৰষুণত হোৱা ভূমিস্খলন ৰোধ কৰাত নির্মাণকাৰী অনুষ্ঠানটো যে ব্যর্থ, সেই কথা ওলাই পৰিল৷ বিজ্ঞানসন্মত অধ্যয়ন, যুক্তিক অৱজ্ঞা কৰি একপক্ষীয়ভাৱে যে বান্ধটো নির্মাণ কৰিব বিচৰা হৈছে, সেই কথা প্রতিষ্ঠা হ’ল৷
উল্লেখনীয় যে অসমৰ বিশেষজ্ঞ সমিতি, বিশেষজ্ঞসকলে ভূ–কম্পন এলেকাত এই বৃহৎ নদীবান্ধ নির্মাণ নকৰাৰ সপক্ষে বিজ্ঞানসন্মত যুক্তি দিছিল৷ সেই অঞ্চলত ভূমিস্খলন হ’ব বুলি বিজ্ঞানসন্মতভাৱে উল্লেখ কৰিছিল৷
ইফালে, ছাত্র সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্যই কয়– বৰষুণত ভূমিস্খলনত নদীবান্ধটোৰ গার্ড ৱাল ভাঙি খহি পৰাৰ পাছত বালিয়া শিলেৰে গঠিত থুনুকা পাহাৰত নির্মাণ কৰিব বিচৰা বৃহৎ নদীবান্ধটোৰ পৰা কিমান বিপদ আহিব পাৰে, সেই কথা সহজেই অনুমেয়৷ সেয়ে অসমৰ বিশেষজ্ঞ সমিতি, অসমৰ বিশেষজ্ঞৰ পৰামর্শমর্মে বৃহৎ নদীবান্ধটোৰ নির্মাণ বন্ধ কৰি বিশেষজ্ঞৰ বিজ্ঞানসন্মত অনুমোদন কার্যকৰী কৰক৷