নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলাঘাটত ক’ৰোনা আতংকঃ আছুতীয়াকৈ ৰখা হৈছে নাৰ্চক

নিয়মীয়া বাৰ্তা, ১৭ মাৰ্চঃ বিশ্বজুৰি ত্ৰাস সৃষ্টি কৰা ক’ৰোনা ভাইৰাছত এতিয়া আতংকিত ৰাজ্যৰ জনগণ । ইতিমধ্যে সমগ্ৰ দেশত ১২৯ গৰাকীলৈ বৃদ্ধি পাইছে ক’ৰোনাত আক্ৰান্তৰ সংখ্যা আৰু মৃত্যু হৈছে মুঠ তিনিগৰাকী লোকৰ ।

ইফালে, গোলাঘাটৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়তো এতিয়া গঢ়ি তোলা হৈছে সকলো ব্যৱস্থা । ক’ৰোনা ভাইৰাছৰ আতংকৰ বাবেই এতিয়া চিকিৎসালয়খনত পূৰ্বৰ তুলনাত ৰোগীৰ সংখ্যাও কম হোৱা পৰিলক্ষিত হৈছে । চিকিৎসালয়খনৰ অধীক্ষকে জনোৱা অনুসৰি নুমলীগড়ৰ বিবেকানন্দ চিকিৎসালয়ৰ এগৰাকী নাৰ্চক বৰ্তমান আছুতীয়া কক্ষত ৰখা হৈছে । কিছুদিন পূৰ্বে বিদেশ ভ্ৰমণ কৰি অহা নাৰ্চগৰাকীৰ শৰীৰত বৰ্তমানলৈকে ক’ৰোনা ভাইৰাছৰ কোনো লক্ষণ দেখা নাই যদিও আইচুলেচনত ৰখা হৈছে মহিলাগৰাকীক । ইতিমধ্যে নাৰ্চগৰাকীৰ তেজৰ নমুনা সংগ্ৰহ কৰি প্ৰেৰণ কৰা হৈছে যোৰহাটলৈ ।

You might also like