নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলাঘাটত নিশা পিঞ্জৰাবদ্ধ বাঘ

নিয়মীয়া বাৰ্তা ১৪ মাৰ্চঃ গোলাঘাট জিলাৰ বুঢ়ালিকচন চাহ বাগিচাত বাঘ পিঞ্জৰাবদ্ধ । বাগিচা খনৰ গৰাকী ৰাজু বৰুৱাই সন্ধিয়া ৬ বজাত বাগিচা খনত বাঘৰ গুজৰণি শুনিছিল । আৰু লগে লগে এঘন্টাৰ ভিতৰত বাগিচা খনত স্থাপন কৰিছিল এটা পিঞ্জৰা । পিঞ্জৰা পতাৰ এঘন্টাৰ ভিতৰতে ছাগলীৰ লোভত পৰি পিঞ্জৰাবদ্ধ হ’ল প্ৰকাণ্ড বাঘটো । আৰু পিঞ্জৰাবদ্ধ হোৱাৰ পাছতেই সাহসী ৰাজু বৰুৱাই নিজেই ব্যৱস্থা কৰি বন বিভাগৰ সহযোগত পিঞ্জৰা সহ বাঘটো লৈ আহে গোলাঘাট বন বিভাগৰ কাৰ্য্যালয়লৈ । আনি থকা অৱস্থাত গোলাঘাট নগৰৰ বৰুৱা তিনি আলিত নগৰৰ বহু লোকে প্ৰত্যক্ষ কৰিলে পিঞ্জৰাবদ্ধ বাঘটো । পাছত নিশা প্ৰায় ১২ বজাত  বন বিভাগৰ কাৰ্য্যালয়লৈ লৈ যোৱা হয় বাঘটো। আজি বাঘটো নামবৰ বনাঞ্চলত মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰিছে বন বিভাগে ।

You might also like