গোলাঘাটত মিঠাই খাই অসুস্থ কেইবাজনো লোক
নিয়মীয়া বাৰ্তা ৪ মাৰ্চঃ মিঠাই সকলোৰ প্ৰিয় খাদ্য। কিন্তু এই মিঠাই এতিয়া বৰবিহ ৰূপে পৰিণত হৈছে। এচাম অসাধু ব্যৱসায়ীয়ে ম্যাদ উকলা মিঠাই বিক্ৰী কৰাৰ অভিযোগ উঠিছে গোলাঘাটত। গোলাঘাট নগৰৰ বেঙেনাখোৱাস্থিত শৰ্মা চুইটছ নামৰ মিঠাই দোকান খনত ম্যাদ ওকলা মিঠাই বিক্ৰী কৰিছিল। উল্লেখ্য যে গোলাঘাট নগৰস্থিত এইচ ডি এফ চি বেংকলৈ শৰ্মা চুইটছৰ পৰা নিছিল মিঠাই । বেংকত মিঠাই খাই অসুস্থ হৈ পৰিল কেইবাজনো বেংক কৰ্মচাৰী। কাৰোবাৰ যদি বমি হৈছে কোনোজনৰ আকৌ পেটৰ বিষত ভুগিছিল । মিঠাই কিনা গ্ৰাহকৰ অভিযোগৰ ভিত্তিত দোকানত খাদ্য সুৰক্ষা বিভাগে অভিযান চলাই পৰীক্ষাৰ বাবে ল’লে মিঠাইৰ নমুনা । গ্ৰাহকৰ অভিযোগত বাধ্য হৈহে মিঠাইৰ দোকানত অভিযান চলালে খাদ্য সুৰক্ষা বিভাগে । কোনোদিনে হোটেল আদিৰ খাদ্য পৰীক্ষা নকৰা গোলাঘাট খাদ্য সুৰক্ষা বিভাগে এই ক্ষেত্ৰত কি ভূমিকা গ্ৰহণ কৰে পৰৱৰ্তী সময়তহে লক্ষ্যণীয় হ’ব।