গোলাঘাটৰ পৰিদৰ্শক ড০ সমীৰণ বৰাৰ অভিনৱ প্ৰচেষ্টাঃ অনলাইন পাঠ্যক্ৰমেৰে ৪৬০০০ ছাত্ৰ-ছাত্ৰীক একেলেগ পাঠদান
নিয়মীয়া বাৰ্তা ২৪ এপ্ৰিলঃ সমগ্ৰ দেশতে এতিয়া লকডাউন। যাৰ পৰিপেক্ষিত শিক্ষানুষ্ঠান সমূহ বন্ধ হৈ পৰিছে। যাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ বহুমূলীয়া শিক্ষা বৰ্ষ নষ্ট হোৱাৰ সম্ভাৱনীয়তাত অভিভাৱক,ছাত্ৰ-ছাত্ৰী উপায়ন্তৰ হৈ পৰিছে সেই সময়ত গোলাঘাট জিলাত বিদ্যালয় সমূহৰ পৰিদৰ্শক ড০ সমীৰণ বৰা দেৱৰ নেতৃত্বত জিলাখনত চলি আছে কেইবাটাও ব্যতিক্ৰমী প্ৰয়াস। জিলা পৰিদৰ্শক ড০ বৰাৰ নেতৃত্বত গোলাঘাট জিলাৰ ১৬০ খনৰো অধিক উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত যোৱা ২৪ মাৰ্চ তাৰিখৰ পৰা আৰম্ভ হৈছিল অনলাইন পাঠদান। বিশেষকৈ প্ৰত্যক্ষ মবাইল ফোন, ৱাটছএপ আৰু গোলাঘাট জিলাৰ পৰিদৰ্শকৰ নেতৃত্বত সৃষ্টি কৰা ইউটিউবৰ জৰিয়তে জিলাখনৰ প্ৰায় ৯০ শতাংশ ছাত্ৰ-ছাত্ৰীক অনলাইন পাঠদানৰ দ্বাৰা ব্যৱস্থা কৰা হৈছে। ইয়াৰৰোপৰি প্ৰতিখন বিদ্যালয়ৰ মুৰব্বী শিক্ষকে ঝুম এপৰ জৰিয়তে সকলো বিষয়তে অষ্টমৰ পৰা দ্বাদশ শ্ৰেণীলৈকে পাঠদান অব্যাহত ৰাখিছে। ইয়াৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকল যথেষ্ট উপকৃত হৈছে বুলি সমূহ বিদ্যালয়ৰ মুৰব্বী আৰু অভিভাৱক সকলে জনাইছে।
সেইবাবে পৰিদৰ্শক মহোদয়ৰ পৰিৰল্পনাত RMSA গোলাঘাটৰ উদ্যোগত প্ৰথম গোট পৰীক্ষাৰ পাঠ্যক্ৰমৰ অন্তত অহা ২৫ এপ্ৰিলৰ পৰা অষ্টম মানৰ পৰা দশম মানৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে এক অনলাইন মূল্যায়নৰ ব্যৱস্থা কৰা হৈছে বুলি জনাইছে। অনলাইন মূল্যয়নৰ প্ৰশ্নসমূহ বস্তুনিষ্ঠ আৰু পোনপটীয়ী হ’ব। এদিনত প্ৰতিশ্ৰেণীৰ দুটাকৈ বিষয় লৈ মুঠতে ২৮ এপ্ৰিলত অন্ত পৰিব পৰীক্ষা। উল্লেখ্য যে যিসকল ছাত্ৰ-ছাত্ৰী এণ্ডৰয়ড ফোন নাই সেইসকল ছাত্ৰ ছাত্ৰীক সহায় কৰিবৰ বাবে সেই অঞ্চলৰ মহাবিদ্যালয়ত পৰ্যায়ত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ সৈতে যোগাযোগ কৰা হৈছে। ইয়াৰ বাবে বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলৰ সহযোগিতাৰ লকডাউনৰ নীতি নিৰ্দেশনা মানি সামাজিক দূৰত্ব বজাই ৰাখি পাঠদান আৰু অনলাইন মূল্যায়নৰ প্ৰস্তুতি চলাই থকা বুলি নিয়মীয়া বাৰ্তাৰ প্ৰতিবেদকক জানিবলৈ দিয়ে। উল্লেখনীয় কথাটো হ’ল বিদ্যালয় পৰিদৰ্শক গৰাকীৰ উদ্যোগত যোৱা ২৩ এপ্ৰিলৰ পৰা আৰম্ভ কৰিছে সম্পূৰ্ণ বিদ্যালয়ৰ নিয়মীয়া অনলাইন পাঠদানৰ ব্যৱস্থা। জিলাখনৰ অষ্টম, নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলক প্ৰতিটো বিষয়ত মুঠ ৩৭ গৰাকী অভিজ্ঞ শিক্ষকৰ দ্বাৰা পাঠদান দি থকা হৈছে।
ইতিমধ্য়ে যোৱা দুদিনত জিলাখনৰ বহু ছাত্ৰ-ছাত্ৰীয়ে এই অনলাইন পাঠদানত অংশগ্ৰহণ কৰিছে। RMSA গোলাঘাট জিলাখনৰ বহু ছাত্ৰ-ছাত্ৰীয়ে এই অনলাইন পাঠদানত অংশগ্ৰহণ কৰিছে। RMSA গোলাঘাট ৰ নিজা ৱেবচাইটৰ সৈতে গুগল প্লেটফৰ্মৰ জৰিয়তে এই পাঠ দান পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈ ১০ বজাত শেষ হয়। আকৌ ১১ বজাৰ পৰা আৰম্ভ হৈ ১-৪০ বজাক শেষ হয় আৰু ৪ বজাত আৰম্ভ হৈ ৬-৪০ত শেষ হয়। এই প্ৰচেষ্টাই জিলাখনৰ মুঠ ৪৬০০০ ছাত্ৰ ছাত্ৰীৰ ভিতৰত ৩৯০০০ ছাত্ৰীক প্ৰত্যক্ষ ভাৱে উপকৃত কৰাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক দিশটোত যথেষ্ট যোগাত্মক প্ৰভাৱ পেলাইছে।
বিদ্যালয়ৰ পৰিদৰ্শক ড০ বৰাৰ এই প্ৰচেষ্টা অসমৰ ভিতৰতে হয়টো প্ৰথম গোলাঘাট জিলাৰ মাধ্যমিক স্তৰত নিজৰ ব্যতিক্ৰমী পদক্ষেপেৰে জিলাখনৰ শৈক্ষিক পৰিৱেশ উন্নীত কৰিবলৈ চেষ্টা কৰা ড০ বৰাৰ এই পদক্ষেপক জিলাখনৰ অভিভাৱক সকলৰ লগতে সচেতন মহলে শলাগ লৈছে।