গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলেৰ গৃহ সমষ্টিত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিত ব্যাপক দুৰ্নীতি
নিয়মীয়া বাৰ্তা ১৬ মেঃ পৰিৱৰ্তন কামী দুৰ্নীতি মুক্ত বিজেপি শাসিত মিত্ৰজোটৰ ৰাজ্য চৰকাৰৰ পঞ্চায়ত ও গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলেৰ গৃহ সমষ্টিত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিত সংঘটিত ভয়াৱহ দুৰ্নীতিৰ তথ্যই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ ফোঁপোলা স্বৰূপটোকে উদঙাই দেখুৱালে ৷ দুৰ্নীতি মুক্ত শ্ল’-গান দিয়া ৰাজ্য চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰী তথা ঢ়কুৱাখনা বিধায়ক নৱ কুমাৰ দলেৰ আৰ্শীষ পুষ্ট একাংশ নেতা পালিনেতাই প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আচঁনি খনকে বিপথে পৰিচালিত কৰাৰ লগতে নিজৰ গাওঁৰ নাম সালসলনি কৰি পতি পত্নীৰ মাজত আচঁনিৰ ধন ভাগ বতৰা কৰি খোৱাৰ নিলৰ্জ বেহা মেলা এইচাম ছদ্মবেশী কৃষক গেৰুৱা দলৰ নেতা পালিনেতাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰো দাবী জনাইছে সৰ্বহাৰা কৃষক ৰাইজে ৷
প্ৰাপ্ত তথ্য মতে ঢ়কুৱাখনা মহকুমা কৃষি বিষয়া কাৰ্যালয়ৰ সোণাৰি চাপৰি কৃষি চক্ৰৰ কেকুঁৰি দীঘলা গাওঁত প্ৰধানমন্ত্ৰী কৃষি সন্মান নিধি আচঁনিৰ হিতাধিকাৰীৰ তালিকাত বিষ্ণু শইকীয়া , হেমন্ত চুতীয়া ,জেঠুৰাম টাইদ আৰু সুভন চুতীয়াৰ নাম অন্তৰ্ভুক্ত হোৱাত গাওঁ বাসীয়ে আৰ্চয্য প্ৰকাশ কৰাৰ লগতে কোন এই বিষ্ণু হেমন্ত সুভন জেঠুৰাম বুলি প্ৰশ্ন তুলি ইয়াৰ এক ন্যায়িক তদন্তৰ দাবী তুলিছে ৷ তদুপৰি ঢ়কুৱাখনা মহকুমাৰ একমাত্ৰ দেউৰী জনগোষ্ঠীৰ লোকৰ বাসস্থান বালি দেউৰী গাওঁৰ অজিত, বাবুল ,বিজয় আৰু ৰাতুল দেউৰীৰ নাম পাতিৰচুকত বেনুমাধব দেউৰীৰ নাম অয়েঙীয়াত , থানেশ্বৰ দেউৰীৰ নাম আখৈফুটিয়াত থকাৰ লগতে অজয়, অনিতা , অৰ্পণ , বিজয়া , দেৱতৰ জনগোষ্ঠীৰ লোকৰ বাসস্থান বালি দেউৰী গাওঁৰ অজিত , বাবুল , বিজয় আৰু ৰাতুল দেউৰীৰ নাম পাতিৰচুকত ,বেনুমাধব দেউৰীৰ নাম অয়েঙীয়াত , থানেশ্বৰ দেউৰীৰ নাম আখৈফুটিয়াত থকাৰ লগতে অজয় ,অনিতা ,অৰ্পণ , বিজয়া ,দেৱতৰা , ৰশ্মিকে ধৰি ২৯ গৰাকীৰ নাম কেকুঁৰি বেবেজীয়াত তালিকাভুত ৷
আনহাতে কুৰৈগুৰি কছাৰী গাওঁৰ ভুপেন সোণোৱালৰ নিজৰ গাওঁৰ হিতাধিকাৰীৰ তালিকাত নাম অন্তভুৰ্ক্ত থকাৰ বিপৰীতে পত্নী ৰীমাৰ নাম কেকুঁৰি কছাৰীত , লক্ষ্মণ সোণোৱালৰ নাম বাঢ়ৈচলাত কিন্তু পত্নী লিপিকাৰ নাম কেকুঁৰি কছাৰীত , উপেন সোণোৱালে কুৰৈগুৰি কছাৰীত কিন্তু পত্নী ৰশ্মিৰ নাম কেকুঁৰি কছাৰীত তেনেকৈ লেখনে কেকুঁৰি কছাৰীত পত্নী ৰানু (আশা) ন কুৰৈগুৰিত , লক্ষেশ্বৰ কেকুঁৰি কছাৰীত পত্নী নিলাক্ষী বাঢ়ৈচলাত , ৰাজীৱ কেকুঁৰি কছাৰীত পত্নী মাইনাৰ নাম বাঢ়ৈচলাত , হেম আৰু পুত্ৰ জয়ন্তৰ নাম কেকুঁৰি কছাৰীত , তুলেনৰ নাম বৰবাৰী পথাৰত পত্নী কৰিশ্মাৰ নাম কেকুৰি কছাৰী আৰু ভায়েক গোবিন্দৰ নাম কেকুঁৰি কছাৰীত , ৰাজুৱে কুৰৈগুৰি কছাৰী আৰু পত্নী অঞ্জুৱে কেকুঁৰি কছাৰীত , জিতুলে কেকুঁৰি কছাৰীত আৰু পত্নী কুশলতাই চেনিমাৰীত , প্ৰণৱজ্যোতিয়ে চেলাজান কছাৰীত কিন্তু পত্নী জোনালী কেকুঁৰি কছাৰীত , নিতুল আৰু পত্নী পল্লবী কেকুঁৰি কছাৰী গাওঁত নাম তালিকাভুক্ত কৰি চৰকাৰী আচঁনিৰ ধনৰ ব্যাপক দুৰ্নীতি কৰিছে ৷ কেৱল কুৰৈগুৰি কছাৰী গাওঁতেই ১৫/১৬ টা পৰিয়ালৰ মাজত পতি পত্নী দুয়োকে কৃষক সন্মান নিধিৰ ধন ভাগ বতৰা কৰি খোৱাৰ এক উদাহৰণহে মাত্ৰ বুলি জানিবলৈ দি এনে দৰে গাওঁৰ নাম সলনি কৰি প্ৰকৃত চহা কৃষকক বঞ্চিত কৰা লোকক বিছাৰি উলিয়াই এই সকল দলীয় নেতা পালি নেতাৰ বিৰুদ্ধে ন্যায়িক তদন্ত জৰিয়তে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত সৰ্বানন্দ সোণোৱাল নেতৃত্বতাধীন ৰাজ্য চৰকাৰে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়াই লক্ষণীয় বিষয় হিচাপেই পৰিগণিত হ’ব ৷