গড়কাপ্টানীৰ অভিযন্তাক প্রহাৰ ক্ষুব্ধ ৰাইজৰ
পথ নির্মাণত অনিয়মক লৈ সোণাপুৰৰ দন্দৰাল মাৰকাঙত উত্তেজনা
নিয়মীয়া বার্তা, ১৭ মার্চঃ অধিক ধন লাভৰ লালসাত চৰম অনিয়মেৰে গড়কাপ্টানী পথ নির্মাণক কেন্দ্র কৰি সোমবাৰে সোণাপুৰৰ দন্দৰাল মাৰকাঙত তীব্র উত্তেজনা সৃষ্টি হয় ৷ নিম্নমানৰ পথ নির্মাণৰ প্রতিবাদত ক্ষুণ্ণ ৰাইজে ঠিকাদাৰ–ভিযন্তা মুর্দাবাদ ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ পথ নির্মাণৰ দায়িত্বত থকা অভিযন্তা উপস্থিত হোৱাৰ লগে লগে উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয় ৷ অভিযন্তাগৰাকীক উত্তেজিত একাংশ লোকে লপাথপা দিয়ে ৷ দুর্নীতি–নিয়মেৰে নির্মাণ কৰি থকা পথটো পুনৰ নতুনকৈ নির্মাণ নকৰা পর্যন্ত কাম বন্ধ কৰি ৰাখিবলৈ ৰাইজে দাবী জনায় ৷ উল্লেখ্য, মেঘালয় সীমান্তৱর্তী মাৰকাং বাৰকাচাৰং অঞ্চলৰ বাসিন্দাসকলে যাতায়াতৰ ক্ষেত্রত যাতনা ভুগি আছিল ৷ ভাৰতে স্বাধীনতা লাভৰ পিছৰে পৰা অঞ্চলবাসীয়ে পথটো নির্মাণৰ বাবে প্রতিখন চৰকাৰৰ মন্ত্রী–বিধায়কক আবেদন–নিবেদন কৰি ভাগৰি পৰিছিল ৷ শেহতীয়াকৈ অঞ্চলটোৰ খিলঞ্জীয়া কার্বি ৰাইজৰ দাবী–অনুৰোধৰ প্রতি সঁহাৰি জনাই এই জৰাজীর্ণ গড়কাপ্টানী পথটো পকীকৰণৰ বাবে ৪ কোটি ১৮ লাখ টকা ধার্য কৰে ৷ ৮.২৫ কিলোমিটাৰ দৈর্ঘ্যৰ পথটো পকীকৰণৰ কথা জানিব পাৰি ৰাইজৰ মুখত হাঁহি বিৰিঙিছিল ৷ কিন্তু ভিতৰুৱা অঞ্চলটোৰ সহজ–সৰল কার্বি ৰাইজক কণা হাঁহক পটান দিয়াৰ দৰে ভাগৱতী উপাধিৰ ঠিকাদাৰজনে চৰম দুর্নীতিৰে পথটো নির্মাণ কৰে ৷ মাটি–বালিৰ ওপৰতে আলকাতৰা নিদিয়াকৈ পকী কৰাত পথটো চপৰাচপৰে এৰি যায়৷ যাৰ বাবে এনে দুর্নীতি কোনো কাৰণতে সহ্য কৰা নহ’ব বুলি স্পষ্ট কৰি দিয়ে৷ দুই–এদিনৰ ভিতৰতে উপায়ুক্ত, মুখ্যমন্ত্রীক পথ নির্মাণৰ দুর্নীতিৰ কথা লিখিতভাৱে অৱগত কৰা হ’ব বুলিও উত্তেজিত ৰাইজে জানিবলৈ দিয়ে৷ আলোচনা নকৰা পর্যন্ত ঠিকাদাৰে কাম কৰিব নোৱাৰিব বুলি ৰাইজে সকীয়াই দিয়ে৷ ইপিনে, পথটোত শিলৰ গুড়ি নিদি পাহাৰৰ ৰঙা মাটি দি পকাৰ কাম কৰাৰো অভিযোগ কৰে স্থানীয় ৰাইজে ৷