গৰুখুঁটিৰ পাছত এইবাৰ টার্গেট লামডিং বনাঞ্চলঃ ৮, ৯ নৱেম্বৰত চলিব উচ্ছেদ অভিযান
প্রথম পর্যায়ত ৫০০ হেক্টৰ ভূমি বেদখলমুক্তৰ যুদ্ধকালীন তৎপৰতা প্রশাসনৰ
নিয়মীয়া বাৰ্তা ৬ নৱেম্বৰ: হস্তী সংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃত হোজাই জিলাৰ লামডিং সংৰক্ষিত বনাঞ্চলত ৮ আৰু ৯ নৱেম্বৰত চলিব প্রথম পর্যায়ৰ উচ্ছেদ অভিযান৷ দুটা পর্যায়ত চলিব লগা অভিযানৰ প্রথম পর্যায়ত সংৰক্ষিত বনাঞ্চলখনৰ বেদখলকাৰীৰ কবলত পৰা ১,৪১০ হেক্টৰ ভূমিৰ প্রায় ৫০০ হেক্টৰ ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে৷
৮ নৱেম্বৰত বনাঞ্চলখনৰ বেতনলা আৰু লংচিপাই গাৰোবস্তি অঞ্চলত আৰু ৯ নৱেম্বৰত কমাৰপানী অঞ্চলত চলোৱা হ’ব অভিযান৷ ইতিমধ্যে উচ্ছেদ অভিযানক কেন্দ্র কৰি তৎপৰ হৈ পৰিছে আৰক্ষী বিভাগৰ লগতে বন বিভাগ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ত বিজেপিৰ হোজাই সমষ্টিৰ প্রাক্তন বিধায়ক শিলাদিত্য দেৱে দাখিল কৰা এক ৰাজহুৱা স্বার্থজনিত আবেদনৰ ভিত্তিত ন্যায়ালয়ে প্রদান কৰা নির্দেশত চলিব লগা বনাঞ্চলখনৰ বেদখলস্থলী কালি পৰিদর্শন কৰেহি অসম আৰক্ষীৰ আইন–শৃংখলাৰ বিশেষ আৰক্ষী সঞ্চালকপ্রধান জি পি সিঙে৷
হোজাই জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকসহ বন আৰু হোজাই জিলা প্রশাসনৰ এটা উচ্চ পর্যায়ৰ বিষয়াৰ দলৰ সৈতে অতিৰিক্ত সঞ্চালকপ্রধানগৰা উচ্ছেদ অভিযানৰ বাবে পর্যবেক্ষণ কৰি বেদখলকাৰীৰ কবলত থকা বনাঞ্চলৰ এলেকাসমূহৰ পৰিস্থিতি আৰু নিৰাপত্তাৰ দিশসমূহৰ বুজ লয়৷ পর্যবেক্ষণ কৰি সাংবাদিকৰ আগত প্রদান কৰা মন্তব্যত বেদখলকাৰীসকলে নিজে নিজে গুচি গ’লে ভাল বুলিও বেদখলকাৰীৰ প্রতি এক সকীয়নিও প্রদান কৰে অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালকপ্রধান জি পি সিঙে৷
ইয়াৰ পাছতে হোজাই জিলাৰ উপায়ুক্ত অনুপম চৌধুৰী, আৰক্ষী অধীক্ষক বৰুণ পুৰুকায়স্থ, দক্ষিণ নগাঁও বন সংমণ্ডল, হোজাইৰ বন সংমণ্ডল বিষয়া গুণদীপ দাসে লামডিং সংৰক্ষিত বনাঞ্চলৰ বেদখলকাৰীৰ কবলত থকা কমাৰপানী অঞ্চলত উপস্থিত হৈ বেদখলকাৰীক বেদখলকৃত বনাঞ্চলৰ মাটি উচ্ছেদ চলোৱাৰ পূর্বেই ভূমি এৰি দিবৰ বাবে সন্মত কৰাৰ চেষ্টা চলায়৷ উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু বন সংমণ্ডলৰ চেষ্টাক সঁহাৰি জনাই বনাঞ্চলৰ বেদখলকৃত ভূমি এৰি ইতিমধ্যে ত্যাগ কৰিছে বহুকেইটা পৰিয়ালে৷ এনে চেষ্টাৰ সমান্তৰালকৈ ৮ আৰু ৯ নৱেম্বৰত হ’ব লগা উচ্ছেদ অভিযানৰ বাবে প্রস্তুতি অব্যাহত ৰাখিছে বন বিভাগ আৰু আৰক্ষী প্রশাসনে৷
ইতিমধ্যে উচ্ছেদ অভিযানৰ উচ্ছেদ চলিবলগা বনাঞ্চলৰ কমাৰপানী অঞ্চলত অসম বন সুৰক্ষা দলৰ দুটাকৈ বেটেলিয়নৰ মুঠ ৪২জন সুৰক্ষা কর্মী উপস্থিত হৈছে৷ উচ্ছেদ অভিযানৰ বাবে অনা হৈছে ১১টাকৈ কোম্পানী চিআৰপিএফ জোৱান৷ বন বিভাগৰো বহু বিষয়া, কর্মী উচ্ছেদ অভিযানৰ বাবে আন জিলাৰ পৰা উপস্থিত হ’ব হোজাই জিলাত৷ ইতিমধ্যে সাজু কৰা হৈছে শতাধিক শ্রমিকৰ লগতে প্রয়োজন হোৱা হাতী, ট্রেক্টৰ, ঘোঁৰা, গাড়ী আদিও৷
উল্লেখ্য যে ২০১২ চনৰ পৰা ২০১৬ চনৰ ভিতৰত লামডিং সংৰক্ষিত বনাঞ্চলৰ কমাৰপানী অঞ্চলত ৫ বাৰকৈ উচ্ছেদ অভিযান বন বিভাগে চলাইছিল যদিও সেই সময়ছোৱাত বন বিভাগে উচ্ছেদৰ পাছত উচ্ছেদিত স্থানত কোনো পৰিকল্পনা অথবা আঁচনি গ্রহণ নকৰাৰ ফলত বেদখকাৰীৰ কবলতে থাকি গৈছিল বনাঞ্চলখন৷ এইবাৰো উচ্ছেদ অভিযান চলোৱাৰ পাছতে উচ্ছেদিত স্থানত বন সুৰক্ষা কর্মীৰ কেম্প স্থাপন কৰি বনানিকৰণৰ ব্যৱস্থা গ্রহণ নকৰিলে এই উচ্ছেদ অভিযানো পূর্বৰ দৰে ফুটুকাৰ ফেনলৈ পর্যবসিত হ’ব৷