চল্লিশখন বিছনাৰে সাজু ছিপাঝাৰ মহাবিদ্যালয় কোৱাৰেণ্টাইন কেন্দ্ৰ
ছিপাঝাৰত এই পৰ্যন্ত১৮ গৰাকী কোৱাৰেনটাইনত
নিয়মীয়া বাৰ্তা ১৬মেঃ বহিঃৰাজ্যৰ পৰা অহা লোকসকলক ১৪দিনৰ কোৱাৰেণ্টাইনত ৰাখিবৰ বাবে জিলা সমুহত চিকিৎসালয়ৰ উপৰিও বিভিন্ন শিক্ষা নুষ্ঠান-হোটেল আদিক কোৱাৰেনটাইন কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।বিশেষকৈ বাহিৰৰ পৰা অহা লোক সকলক সমষ্টি ভিত্তিত ৰখাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ছিপাঝাৰ বিধান সভা সমষ্টি এলেকাৰ ছিপাঝাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ১০খন,দেওমৰনৈ সামুহিক স্বাস্থ্য কেন্দ্ৰত ১০খনদূনী আদৰ্শ চিকিৎসালয়ত ১০খন,বাজনাপথাৰ প্ৰাথমিক স্বাস্হ্য কেন্দ্ৰত ৫খন আৰু ঢ়পাথৰিঘাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৭খন বিছনা কোৱাৰেনটাইনৰ বাবে সাজু কৰি ৰখাৰ সমান্তৰালকৈ ছিপাঝাৰ মহাবিদ্যালয় ছাত্ৰী নিবাসটিও কোৱাৰেণ্টাইন কেন্দ্ৰ হিচাপে গঢ়ি তোলা হৈছে।মুঠ চল্লিশখন বিছনাৰে ইতিমধ্যে এই কেন্দ্ৰটো সম্পূৰ্ণ ৰূপে সাজু কৰি তুলিছে প্ৰশাসনে।ইপিনে আজি ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াই ছিপাঝাৰ মহাবিদ্যালয় কোৱাৰেনটাইন কেন্দ্ৰৰ লগতে ছিপাঝাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈ সমগ্ৰ পৰিবেশৰ বুজ লয়।ছিপাঝাৰ মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন কেন্দ্ৰটি পৰ্যবেক্ষণ কৰি নিৰাপত্তা ব্যৱস্থাৰ তদাৰক কৰাৰ লগতে প্ৰতিটো কোঠা পৰিদৰ্শন কৰে।বিশেষকৈ খোৱা পানী আৰু অনাময় ব্যৱস্থাৰো তদাৰক কৰে।ছিপাঝাৰৰ চক্ৰ বিষয়া নন্দন নিলোৎপল ভাগৱতীৰ লগতে ছিপাঝাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা চিকিৎসা বিষয়া দূৰ্গেশ্বৰ শৰ্মা আৰু উপ অধীক্ষক প্ৰহ্লাদ শৰ্মা আৰু ছিপাঝাৰ থানাৰ পৰিদৰ্শক চন্দ্ৰ কলিতাৰ লগত আলোচনাত মিলিত হৈ কোৱাৰেনটাইন কেন্দ্ৰটোত যাতে নিৰাপত্তা ব্যৱস্থাৰ লগতে তাত থকা লোকসকলে কোনোধৰণৰ অসুবিধা নাপায় তাৰ প্ৰতি সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণৰ বাবে পৰামৰ্শ আগবঢ়াই।ইয়াৰ পিছত বিধায়ক গৰাকীয়ে ছিপাঝাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ গৈ চিকিৎসকৰ পৰা চিকিৎসালয়খনত ইতিমধ্যে কোৱাৰেনটাইনত থকা লোককেইগৰাকীৰ স্বাস্থ্যৰ অৱস্থা বুজ লয়।আনহাতে বাহিৰৰ পৰা লোকৰ সংখ্যালৈ লক্ষ্য কৰি প্ৰয়োজন সাপেক্ষে ছিপাঝাৰ আৰু পাথৰিঘাট এলেকাত আৰু দুটা কোৱাৰেনটাইন কেন্দ্ৰ স্হাপন কৰাৰ ব্যৱস্থা কৰিব বূলিও উল্লেখ কৰে বিধায়কগৰাকীয়ে।উল্লেখযোগ্য যে ছিপাঝাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এই পৰ্যন্ত ৪গৰাকী, দেওমৰনৈ সামুহিক চিকিৎসালয়ত ৭গৰাকী আৰু দূনী আদৰ্শ চিকিৎসা লয়ত ৭ গৰাকী লোকক কোৱাৰিন্টেইনত ৰখা হৈছে।লক্ষণীয় যে বহি ৰাজ্যৰ পৰা দৰং জিলালৈ আহিবলৈ ইতিমধ্যে ৯০০০লোকে আবেদন কৰিছে।