চামতাত পদূলিয়ে পদূলিয়ে ঘৰত নোসোমাব, ফোন কৰক পোষ্টাৰ আঁৰিছে গৃহস্থই
মৰাত্মক ক'ভিড-১৯ ভাইৰাছৰ সংক্ৰমণ ৰোধৰ জনসাধাৰণৰ পদক্ষেপ
নিয়মীয়া বাৰ্তা ৩ এপ্ৰিলঃ যোৱা ৩১ মাৰ্চত অসমত প্ৰথমজন ক’ৰোনাত আক্ৰান্ত হোৱাৰ পিছত আক্ৰান্তৰ সংখ্যা ভয়ৱহভাৱে বৃদ্ধি হয়। তাৰ উপৰি নলবাৰী জিলাৰ পৰা নিজামুদ্দিন মাৰ্কাজলৈ যোৱা আৰু অহা মানুহ ভয়াৱহ কৰোনাত আক্ৰান্ত হোৱা খবৰটো বিয়পি পৰাৰ লগে মানুহৰ ভয় আৰু শংকা বৃদ্ধি পাইছে। সকলো মানুহে গধূলি দৰ্জা-খিৰিকী বন্ধ কৰি ঘৰত সোমাই পৰে। পথ সমূহ নিমাওমাও কৰি তোলে। ইফালে কিছুমান পৰিয়ালৰ ঘৰৰ সন্মুখত ডাঙৰ ডাঙৰ আখৰেৰে কাগজত লিখি আঁৰি থয় ঘৰত নোসোমাব,ফোন কৰিব। চামতাৰ খাটাৰূপীয়া বাথান চুবুৰিৰ তপন শৰ্মা, ভূপেন শৰ্মা, প্ৰাঞ্জল বৰ্মনৰ ঘৰৰ সন্মুখত এনেদৰে লিখি আঁৰি থোৱা দেখা যায়।