নিয়মীয়া বাৰ্তা, ১৮ এপ্ৰিলঃ মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ঘোষণা কৰা লকডাউনৰ সময়ত অসুবিধা বা বিপদত পৰা মানুহক সহায়ৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰিছে অসম আৰক্ষী আৰু দুৰ্যোগ প্ৰশমন বিভাগে । অসমৰ ৩৪ খন জিলাৰ বাবে এই হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে । মুকলি কৰা নম্বৰকেইটা হৈছে অসম আৰক্ষীৰ সঞ্চালকপ্রধানৰ নিয়ন্ত্রণ কক্ষৰ ৯৪৩৫২–১৫০২৯ (হোৱাট্ছএপ নম্বৰ), ডায়েল ১০০ আৰু অসম ৰাজ্যিক দুর্যোগ প্রশমন প্রাধিকাৰীৰ ১০৭৭, ১০৭৯ আৰু ১০৭০৷ সেইদৰে গুৱাহাটী মহানগৰৰ হেল্পলাইন নম্বৰ ২টা হৈছে– ০৩৬১–২৪৬৪৫৫৭ আৰু ৯১২৭৮০১০৭৭ (হোৱাট্ছএপ নম্বৰ)৷ ডায়েল ১০০যোগেও প্রয়োজনৰ সময়ত মানুহে আৰক্ষী প্রশাসনৰ লগত যোগাযোগ কৰিব পাৰিব৷ সেইদৰে আৰক্ষী আৰু ৰাজ্যিক দুর্যোগ প্রশমন প্রাধিকাৰীয়েও ৰাজ্যৰ ৩৪খন জিলাৰ লেণ্ডলাইন, ম’বাইল ফোনৰ হোৱাট্ছএপ নম্বৰ আৰু টোল ফ্রী নম্বৰ মুকলি কৰিছে৷ কিবা অসুবিধাত পৰিলে যিকোনো ব্যক্তিয়ে অসম আৰক্ষী আৰু ৰাজ্যিক দুর্যোগ প্রশমন প্রাধিকাৰীৰ সংশ্লিষ্ট ফোন অথবা হোৱাট্ছএপযোগে জনাব পাৰিব৷ এই হেল্পলাইন নম্বৰেৰে বিশেষকৈ খাদ্য সংকট, ঔষধ বা ঘৰৰ মালিকে চলোৱা নির্যাতনৰ বিষয়ে জনাব পাৰিব৷ তদুপৰি যাতায়াত বা অন্যান্য অসুবিধাৰ বিষয়েও এই নম্বৰসমূহ ব্যৱহাৰ কৰি জনাব পাৰিব৷ আনহাতে, বৃদ্ধ লোকৰ বাবেও পৃথক হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে৷ বৃদ্ধ লোকৰ বাবে অসম আৰক্ষীয়ে মুকলি কৰা নম্বৰকেইটা হ’ল– ৬০২৬৯–০০৯৭৪, ৬০২৬৯–০০৯৭৫, ৯৪৩৫২–১৫০২৯ আৰু ৯১৩২৬–৯৯৭৩৫৷ সেইদৰে লকডাউনৰ সময়ত অসমৰ বাহিৰত থকা লোকসকলৰ বাবেও হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে৷ অসমৰ বাহিৰৰ মানুহৰ বাবে মুকলি কৰা নম্বৰসমূহ হ’ল– ৬০২৬৯–০০৯৬৬ (কেৰালা), ৬০২৬৯–০০৯৬৭ (তামিলনাডু), ৬০২৬৯–০০৯৬৮ (অন্ধ্রপ্রদেশ আৰু তেলেংগানা), ৬০২৬৯–০০৯৬৯ (মহাৰাষ্ট্র, গোৱা আৰু গুজৰাট), ৬০২৬৯–০০৯৭০ (দিল্লী, উত্তৰ প্রদেশ আৰু ৰাজস্থান) ৬০২৬৯–০০৯৭১ (হাৰিয়ানা, পঞ্জাব, হিমাচল প্রদেশ, জম্মু–কাশ্মীৰ, লাডাখ), ৬০২৬৯–০০৯৭২ (বিহাৰ, ঝাৰখণ্ড, ছত্তিশগড়, মধ্যপ্রদেশ) ৬০২৬৯–০০৯৭৩ (পশ্চিমবংগ, ওড়িশা, ছিকিম) আৰু অন্য ৰাজ্যসমূহৰ বাবে ৬০২৬৯–০০৯৭৬ নম্বৰটো মুকলি কৰা হৈছে ৷ ইফালে লকডাউনৰ সময়ত যান–বাহন চলাচলৰ ক্ষেত্রতো কেতবোৰ নির্দেশনা জাৰি কৰা হৈছে ৷ আপদকালীন সময়ত চাৰিচকীয়া বাহন ব্যৱহাৰ কৰিলে চালকৰ সৈতে পিছৰ ছিটত এজন লোকে যাতায়াত কৰিব পাৰিব৷ আনহাতে, দুচকীয়া বাহনত মাত্র এজনেই যাতায়াত কৰিব পাৰিব৷ সেইদৰে অত্যাৱশ্যকীয় সামগ্রী ক্রয় বা জৰুৰী কামত ৰাজহুৱা স্থানলৈ অহা লোকসকলে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক বুলি আজি টুইটাৰযোগে প্রকাশ কৰিছে ৰাজ্যৰ অতিৰিক্ত আৰক্ষী সঞ্চালক (আইন–শৃংখলা) জি পি সিঙে৷ ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰিলে দুর্যোগ প্রশমন প্রাধিকাৰীৰ ধাৰাত দণ্ডনীয় হ’ব বুলি সিঙে সকীয়াই দিয়ে ৷