নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিকিৎসক–চিকিৎসা কর্মীক প্ৰহাৰ আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ২৫ মেঃ ক’ৰোনা মহামাৰীৰ বিৰুদ্ধে প্রথমশাৰীৰ যোদ্ধা হিচাপে যুঁজ দি অহা চিকিৎসক–চিকিৎসা কর্মীক অসম আৰক্ষীয়ে বর্বৰ নির্যাতন চলোৱাৰ এক ঘটনা সংঘটিত হৈছে চিৰাং জিলাত৷ জিলাখনৰ আমটেঙা ক্ষুদ্র প্রাথমিক চিকিৎসালয়ৰ সন্মুখত আজি সন্ধিয়া স্থানীয় আৰক্ষীয়ে এই অমানৱীয় ঘটনা সংঘটিত কৰে৷ জানিব পৰা মতে, স্বাস্থ্যকেন্দ্রটোৰ চিকিৎসক ডাঃ মাধুর্য কাকতি, ফার্মাচিষ্ট ৰাজু বড়ো আৰু গাণনিক নিতু দাসে সন্ধিয়া প্রায় ৫.৩০ বজাত দিনটোৰ কর্তব্য শেষ কৰি ঘৰলৈ যাবলৈ ওলাইছিল৷ কিন্তু কেন্দ্রটোৰ পৰা ওলাই অহাৰ পাছতে তলাৰ চাবিটো হেৰায়৷ বৰষুণৰ মাজত চিকিৎসকসহ তিনিওগৰাকী লোকে চাবিপাট বিচাৰি আছিল৷

তেনে সময়তে কয়লা ময়লা উপ–আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়া বিনোদ চৌধুৰীৰ নেতৃত্বত আৰক্ষীৰ এটা দল স্বাস্থ্যকেন্দ্রটোৰ ওচৰত উপস্থিত হয়৷ আৰক্ষীৰ গাড়ী দেখি তেওঁলোক স্বাস্থ্যকেন্দ্রটোৰ ভিতৰলৈ সোমাই যাব বিচাৰে৷ কিন্তু কয়লা ময়লা আৰক্ষী চকীৰ জোৱানে তেওঁলোকৰ বাট ভেটি ধৰে আৰু মুখত কিয় মাস্ক নাই বুলি প্রশ্ণ কৰে৷

তেতিয়া চিকিৎসকগৰাকীয়ে জনায় যে স্বাস্থ্যকেন্দ্রটোৰ চাবিপাট হেৰোৱা বাবে তেওঁলোকে বিচাৰি আছে৷ কিন্তু দৌৰাদৌৰি হোৱা বাবে মাস্ক পিন্ধিবলৈ পাহৰি গ’ল৷ কিন্তু ঘৰলৈ ওভতাৰ পথত মাস্ক পিন্ধি ল’ব৷ আৰক্ষীয়ে চিকিৎসক, চিকিৎসা কর্মীসকলৰ কথা শুনিবলৈ অস্বীকাৰ কৰি তেওঁলোকক ছাতি আঁতৰাই বৰষুণত তিতি কাণত ধৰি উঠা–বহা কৰিবলৈ নির্দেশ দিয়ে৷ লাঠী–বন্দুকধাৰী আৰক্ষীৰ ভাবুকিত ভয় খাই চিকিৎসক–স্বাস্থ্যক নির্দেশ পালন কৰি যায়৷ কিন্তু এইবাৰ হিতাহিত জ্ঞান হেৰুৱাই আৰক্ষীয়ে চিকিৎসক মাধুর্য কাকতি, গাণনিক নিতু দাস আৰু ফার্মাচিষ্ট ৰাজু বড়োক লাঠীৰে উপর্যুপৰি প্রহাৰ কৰে৷ এনেদৰে চিকিৎসক আৰু তেওঁৰ সহযোগীসকলক শাৰীৰিক নির্যাতন চলাই আৰক্ষীৰ দলটো আঁতৰি যায় যদিও আৰক্ষী চকীৰ সন্মুখত পুনৰ খাপ পিটি বহি থাকে৷

ঘটনাৰ পাছত চিকিৎসক–চিকিৎসা কর্মীকেইজন ১০৮ এম্বুলেঞ্চ এখনেৰে উভতিবলৈ লয়৷ কিন্তু পথত আকৌ এবাৰ কয়লা ময়লা উপ–আৰক্ষী চকীৰ জোৱানে তেওঁলোকক আবদ্ধ কৰি অশ্রাব্য গালি–গালাজ কৰে৷ পৰৱর্তী সময়ত পুনৰ আমগুৰি থানাত চিকিৎসক–চিকিৎসা কর্মীসকলক আৰক্ষীয়ে ভেটা দিয়ে আৰু তেওঁলোকক দীর্ঘসময় ধৰি আবদ্ধ কৰি মানসিক নির্যাতন চলায়৷ আৰক্ষীৰ প্রহাৰত আহত হোৱা তিনিওজন লোকক তেনেকৈয়ে থানাত ৰখাই থোৱা হয়৷ এই খবৰ ৰাজহুৱা হোৱাৰ পাছত সাংবাদিকৰ দল এটা থানাত উপস্থিত হোৱাতহে আৰক্ষীয়ে চিকিৎসক মাধুর্য কাকতি আৰু আন দুজন লোকক থানাৰ পৰা যাবলৈ দিয়ে৷ সম্প্রতি কাজলগাঁও অসামৰিক চিকিৎসালয়ত আহত চিকিৎসক আৰু আন দুজন লোকক চিকিৎসা প্রদান কৰি থকা হৈছে৷ চিকিৎসক মাধুর্য কাকতিয়ে পিঠিত আৰু ফার্মাচিষ্ট ৰাজু বড়োৱে আঁঠুত আঘাত পাইছে৷ এই ঘটনাৰ খবৰ ৰাজহুৱা হোৱাৰ পাছতে চিৰাং জিলাৰ লগতে সমগ্র ৰাজ্যত তীব্র প্রতিক্রিয়া সৃষ্টি হৈছে৷ চিকিৎসক–চিকিৎসা কর্মীক প্রহাৰ কৰা আৰক্ষী বিষয়াৰ বিৰুদ্ধে গৃহ বিভাগে এতিয়া কি ব্যৱস্থা গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷

You might also like