চেন্নাইৰ পৰা অসম অভিমুখী বাছ অন্ধ্রপ্রদেশত দুর্ঘটনাত পতিত
নিয়মীয়া বাৰ্তা, ১৭ মেঃ ন’ভেল ক’ৰোনা ভাইৰাছ প্রতিৰোধৰ বাবে বলৱৎ কৰা লকজাউনৰ সময়ছোৱাত দেশৰ ভিন্ন প্রান্তত আবদ্ধ হৈ পৰিছে অসমৰ বহুসংখ্যক শ্রমিক৷ শেহতীয়াকৈ লকডাউন কিছু শিথিল হোৱাত এই শ্রমিকসকল যিকোনো উপায়েৰে গৃহৰাজ্য অভিমুখে ৰাওনা হৈছে৷ কোনোবা যদি চাইকেল চলাই, খোজকাঢ়ি অসম অভিমুখে আহি আছে, আন কেইবাজনো আকৌ গাড়ী ভাৰা কৰি ঘৰলৈ যাত্রা আৰম্ভ কৰিছে৷
তেনেদৰেই চেন্নাইৰ পৰা অসমলৈ ৩০জন শ্রমিক কঢ়িয়াই এখন বাছ দুর্ঘটনাগ্রস্ত হয়৷ এই দুর্ঘটনাত মার্ঘেৰিটাৰ এজন শ্রমিক আহত হৈছে৷ জানিব পৰা মতে, অসমৰ বিভিন্ন জিলাৰ পৰা কর্মসূত্রে চেন্নাইলৈ যোৱা বহু শ্রমিক লকডাউনৰ বাবে আবদ্ধ হৈ আছিল৷ তাৰ মাজতে তামিলনাডু চৰকাৰে ৩০ জন শ্রমিকক অসমলৈ এখন বাছযোগে পঠিওৱাৰ ব্যৱস্থা কৰে৷ ৩০জন শ্রমিক লৈ আহি থকা বাছখন যোৱানিশা অন্ধ্রপ্রদেশত ৰখাই থোৱাৰ সময়তে এখন ট্রাকে খুন্দা মৰাৰ ফলত কেইবাজনো আঘাতপ্রাপ্ত হয়৷
ইয়াৰ মাজৰে মার্ঘেৰিটাৰ উলুপ গাঁৱৰ অসীম বুঢ়াগোহাঁই গুৰুতৰভাৱে আঘাতপ্রাপ্ত হৈছে বুলি জানিব পৰা গৈছে৷ এতিয়া অসমৰ শ্রমিককেইজনে নিৰুপায় হৈ অসম চৰকাৰৰ মুখ্যমন্ত্রী আৰু স্বাস্থ্যমন্ত্রীক সহায় কৰিবলৈ অনুৰোধ জনাইছে৷