চৰকাৰৰ কিয় এই অনীহা? সুদূৰপৰাহত ৬নং দফা ৰূপায়ণ: দিছপুৰতে পৰি আছে বিপ্লৱ শর্মাৰ প্রতিবেদন
নিয়মীয়া বাৰ্তা, ২৩ ডিচেম্বৰঃ ছয় বছৰীয়া অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ অন্তত স্বাক্ষৰিত অসম চুক্তিৰ সম্পূর্ণ ৰূপায়ণৰ বিষয়টো আজিকোপতি চর্চাৰ আৱর্ততে থাকিল৷ বিশেষকৈ অসম চুক্তিৰ অতি গুৰুত্বপূর্ণ আৰু সংবেদনশীল ৬নং দফাৰ বিষয়টো৷ ৮৫৫জন শ্বহীদ আৰু অসংখ্য নির্যাতিতৰ ত্যাগক স্বীকৃতি দিয়াৰ হকে অসম চুক্তি ৰূপায়ণৰ বাবে সর্বস্তৰত দাবী উত্থাপন হৈ অহাৰ সময়তে বিগত ২০১৯ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মাৰ নেতৃত্বত এখন উচ্চস্তৰীয় কমিটী সেই সময়ৰ ৰাজ্য চৰকাৰে গঠন কৰি দিছিল৷ এই উচ্চস্তৰীয় কমিটীখনে ২০২০ চনৰ ফেব্রুৱাৰী মাহতে তদানীন্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ হাতত প্রতিবেদন দাখিল কৰে যদিও আশ্চর্যজনকভাৱে বিগত প্রায় সুদীর্ঘ ২২ মাহে অসমীয়াৰ আৱেগ–নুভূতি জড়িত সেই প্রতিবেদনখন দিছপুৰতে পৰি থাকিল৷ মূলতঃ উচ্চস্তৰীয় কমিটীখন গঠন কৰা হৈছিল অসমীয়াক সাংবিধানিক, বিধায়িনী আৰু প্রশাসনিক ৰক্ষাকৱচ দিয়াৰ লগতে সাংস্কৃতিক–সামাজিক– পৰিচয় আৰু ঐতিহ্য সম্পর্কত ৰাজ্য চৰকাৰক পৰামর্শ দিয়াৰ হকে৷ প্রথম পর্যায়ত ন্যায়াধীশ শর্মা নেতৃত্বাধীন উচ্চস্তৰীয় কমিটীখনে প্রতিবেদন কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ হাতত দাখিল কৰিব বিচাৰিছিল যদিও সাক্ষাৎ নাপাই অৱশেষত মুখ্যমন্ত্রী সোণোৱালৰ হাতত প্রতিবেদনখন দাখিল কৰিবলৈ বাধ্য হয়৷
মন কৰিবলগীয়া এয়ে যে উক্ত উচ্চস্তৰীয় কমিটী গঠনৰ পিছতেই কেন্দ্রীয় গৃহমন্ত্রী শ্বাহৰ লগতে সেই সময়ৰ মুখ্যমন্ত্রী সোণোৱাল, তেতিয়াৰ বিত্তমন্ত্রী তথা বর্তমানৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ন্যায়াধীশ শর্মা নেতৃত্বাধীন উচ্চস্তৰীয় কমিটীৰ প্রতিবেদনৰ দাঢ়ি–ক’মা পর্যন্ত কর্তন নকৰাকৈ আখৰে আখৰে পৰামর্শাৱলীসমূহ ৰূপায়ণ কৰিব বুলি প্রকাশ কৰিছিল৷ পিছে ন্যায়াধীশ শর্মা নেতৃত্বাধীন উচ্চস্তৰীয় কমিটীৰ পৰামর্শাৱলী ৰূপায়ণ বাদেই, আজিপর্যন্ত প্রতিবেদনখন দিছপুৰতে আবদ্ধ হৈ আছে৷ অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্রী অতুল বৰাৰ ভাষ্যতেই সেই কথা প্রকাশ পাইছে৷
কালি সদনত বিধায়ক অখিল গগৈৰ এক প্রশ্ণৰ উত্তৰত অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্রী বৰাই কয় যে বর্তমান প্রতিবেদনখন অসম চৰকাৰৰ হাতত আছে৷ অসম চৰকাৰে কেন্দ্রীয় চৰকাৰৰ লগত আলোচনামর্মে উক্ত প্রতিবেদনৰ কিছু পৰামর্শাৱলী প্রৱর্তনৰ ক্ষেত্রত থকা সাংবিধানিক তথা আইনী দিশটো চালিজাৰি চোৱাৰ বাবে এখন আইনজ্ঞ কমিটী গঠন কৰাৰ বাবে ব্যৱস্থা হাতত লৈছে৷ কিন্তু বর্তমান ক’ভিড পৰিস্থিতিৰ পৰিপ্রেক্ষিতত উক্ত কমিটীখন গঠনত কিছু পলম হৈছে৷ বর্তমান অসম চৰকাৰে বিভাগীয় মন্ত্রীৰ অধীনত অসম চুক্তিৰ বিভিন্ন দফাসমূহৰ খৰতকীয়া ৰূপায়ণৰ বাবে পৰামর্শ আগবঢ়োৱাৰ লগতে প্রাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মাৰ অধীনত গঠিত উচ্চস্তৰীয় কমিটীৰ যিসমূহ পৰামর্শ কোনো অসুবিধা নোহোৱাকৈ ৰূপায়ণ কৰিব পাৰি, সেই বিষয়ত পৰামর্শ আগবঢ়াবলৈ এখন উপ–সমিতি গঠন কৰি দিছে৷ সমিতিয়ে এই বিষয়ত সোনকালে পৰামর্শ আগবঢ়াব৷
সেইদৰে এনআৰচিৰ প্রসংগত মন্ত্রী বৰাই কয় যে দেশৰ মহাপঞ্জীয়কে এতিয়াও চূড়ান্ত এনআৰচি প্রকাশ কৰা নাই৷ এনআৰচিৰ ৰাজ্যিক সমন্বয়কে উচ্চতম ন্যায়ালয়ত এনআৰচিৰ আসোঁৱাহসমূহ উনুকিয়াই পুনৰীক্ষণৰ বাবে আবেদন জনাইছে৷ বিষয়টো বর্তমান উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছে৷ ইপিনে, বিধায়ক আব্দুল বাতেন খন্দকাৰৰ এক প্রশ্ণৰ উত্তৰত মন্ত্রী বৰাই কয় যে অসম চুক্তিৰ ৬নং দফা অনুসৰি অসমীয়াৰ সংজ্ঞা বর্তমানলৈ নিৰূপণ হোৱা নাই৷ অসমীয়াৰ সংজ্ঞা নিৰূপণৰ বাবে ২০০৬ চনৰ অক্টোবৰত মাহত এখন কেবিনেট উপ–সমিতি গঠন কৰা হৈছিল৷ উক্ত উপ–সমিতিখনে অসমীয়াৰ সংজ্ঞা নিৰূপণৰ বাবে বিভিন্ন ৰাজনৈতিক দল, অৰাজনৈতিক সংগঠন, বিভিন্ন সাহিত্য সভা, সদৌ অসম ছাত্র সন্থাকে ধৰি বিভিন্ন ছাত্র সংগঠনৰ মতামত বিচাৰিছিল৷ কেইটামান সংগঠনেহে মতামত দিয়াৰ বাহিৰে সৰহসংখ্যক সংগঠনে এতিয়ালৈকে মতামত নিদিয়া হেতুকে কোনোধৰণৰ আলোচনাৰ মাধ্যমেৰে অসমীয়াৰ সংজ্ঞা নিৰূপণৰ ক্ষেত্রত এটা নির্দিষ্ট ঐকমত্যত উপনীত হ’ব পৰা নাই৷ ইয়াৰ পৰৱর্তী পর্যায়ত অসম বিধানসভাৰ প্রাক্তন অধ্যক্ষ প্রণৱ গগৈয়ে অসমৰ প্রায় সকলো গোষ্ঠী–জনগোষ্ঠীৰ জাতীয় সংগঠনক প্রতিনিধিত্ব কৰা ৫৩টা দল–সংগঠনৰ মতামত লৈ ২০১৫ চনৰ বিধানসভাৰ যোগেদি অসমীয়াৰ সংজ্ঞা নিৰূপণৰ বাবে এক বিশেষ পদক্ষেপ গ্রহণ কৰিছিল৷ সেই সন্দর্ভত তেওঁ এক প্রতিবেদন প্রস্তুত কৰিছিল৷ কিন্তু কোনোধৰণৰ ঐকমত্যত উপনীত হ’ব নোৱাৰিলে৷
ইফালে, বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাৰ এক লিখিত প্রশ্ণৰ উত্তৰত মন্ত্রী বৰাই সদনত সদৰী কৰা অনুসৰি অসম–বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰৰ কাম বর্তমান ৯৮.৩৫ শতাংশ সম্পূর্ণ হৈছে আৰু প্রায় ১.৬৫ শতাংশ কাম বাকী আছে৷ ব’ৰ্ডাৰ গার্ড বাংলাদেশ (বিজিবি) –এ আপত্তি কৰাৰ বাবে কৰিমগঞ্জ খণ্ডত ৪.৩৫ কিলোমিটাৰ অংশৰ কাম বাকী আছে৷ ২০১৫ চনৰ ২৮ নৱেম্বৰত বিজিবিয়ে আপত্তি দর্শোৱাৰ বাবে কৰিমগঞ্জ জিলাৰ এ’আৰ ০৭ বেটেলিয়ন বিএছএফৰ অন্তর্গত চূড়াখড়ি বিঅ’পিৰ পৰা ষ্টিমাৰঘাট বি’পিলৈ বাকী থকা মুঠ ৪.৩৫ কিলোমিটাৰ অংশত এডলীয়া কাঁইটীয়া তাঁৰৰ বেৰ ছিংগল ৰ’ ফেন্সিং দিব পৰা নাই৷
শেহতীয়াকৈ এই বছৰৰ ৮ মার্চত বিজিবিৰ পৰা উক্ত অংশৰ বাবে পুৰণা নক্সা মতে চর্তসাপেক্ষে সন্মতি প্রদান কৰিছে৷ তদুপৰি বিজিবিয়ে দর্শোৱা আপত্তি নিষ্পত্তি নোহোৱাৰ বাবে প্রাসংগিক সীমাৰ খুঁটা বনাব পৰা হোৱা নাই৷ ছিংগল ৰ’ ফেন্সিঙৰ প্রস্তাৱিত নক্সা অনুমোদনৰ বাবে বিএছএফে গৃহ মন্ত্রালয়ৰ লগত যোগাযোগ কৰিছে বুলি মন্ত্রী বৰাই সদৰী কৰে৷ সদনত মন্ত্রী বৰাই আৰু কয় যে অসম চুক্তি অনুযায়ী চলিত বর্ষৰ ৩১ অক্টোবৰলৈ মুঠ ১,৪২,২০৬জন অবৈধ নাগৰিকক বিদেশী বুলি চিনাক্ত কৰা হৈছে৷ যোৱা ১৫ ডিচেম্বৰ পর্যন্ত ৩২৮জন বিদেশীক প্রত্যর্পণ কৰা হৈছে আৰু ২৯,৬৬৩জনক পুচবেক কৰা হৈছে৷ মুঠ ২৯,৯৯১জনক নিজ দেশলৈ বিতাড়ন কৰা হৈছে৷