নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছ’চিয়েল মিডিয়াত ‘উল্টা-পুল্টা’ পোষ্ট দি থাকিলে খেদি খেদি ধৰিমঃDGP

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ ৰাজ্যজুৰি এতিয়া ক’ৰোনা ভাইৰাছৰ আতংক। দিনকদিনে বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা। এনে সময়তে কিছু লোকে ছ’চিয়েল মিডিয়াত উৰা বাতৰি বিয়পোৱাৰ লগতে বিতৰ্কিতমূলক পোষ্ট দিয়া পৰিলক্ষিত হৈছে। এনে ক্ষেত্ৰত কঠোৰ হৈছে আৰক্ষী-প্ৰশাসন। এই সন্দৰ্ভত DGP ভাস্কৰজ্যোতি মহন্তই কয় যে এয়া এক বিপদৰ সময়। এনে সময়ত ধৰ্মৰ নামত সাম্প্ৰদায়িক মন্তব্য কৰা সকলৰ প্ৰতি কঠোৰ হ’ব আৰক্ষী। আমি কেইবাটাও দুৰ্ভাগ্যজনক উৰা বাতৰি দেখিছো। এইবোৰৰ প্ৰশ্ৰয় নিদিবলৈ জনসাধাৰণক আহ্বান জনোৱাৰ লগতে সঠিক তথ্য জানিবলৈ হ’লে আৰক্ষীৰ পৰা খবৰ লওঁক বুলি মন্তব্য কৰে। এনে বিতৰ্কিত পোষ্ট দিয়া কেইবাজনো লোকক আমি কৰায়ত্ত কৰিছো। ছচিয়েল মিডিয়াত ‘উল্টা-পুল্টা’ পোষ্ট দি থকা সকল সাৰি নাযায়। আমি তেওঁলোকক খেদি খেদি ধৰিম আৰু ভাল শাস্তি দিম বুলি মন্তব্য কৰে DGP গৰাকীয়ে। 

You might also like