নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছাত্ৰ নেতা ছাৰ্জিল ইমামৰ বিৰোধে অসম আৰক্ষীত গোচৰ ৰুজু

নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰীঃ দেশজুৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ সময়তে ছাহীন বাগত হোৱা ‘কা’ বিৰোধী প্ৰতিবাদত অসম তথা উত্তৰ-পূবক ভাৰতৰ পৰা বিচ্ছিন্ন কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে । বামপন্থী ছাত্ৰ নেতা ছাৰ্জিল ইমামে এই প্ৰতিবাদৰ মাজতে অসম তথা উত্তৰ-পূবক পৃথক কৰাৰ এক বক্তব্য দাঙি ধৰে। অসমলৈ অহা ৰে’ল লাইন বিচ্ছিন্ন কৰি অসম তথা উত্তৰ-পূবক বিচ্ছিন্ন কৰাৰ পাচতেই কেন্দ্ৰ চৰকাৰে আঁঠু ল’বলৈ বাধ্য হ’ব বুলি উল্লেখ কৰিছিল এইগৰাকী বামপন্থী ছাত্ৰনেতাই ।
ছাৰ্জিল ইমাম নামৰ এইগৰাকী বিতৰ্কিত ছাত্ৰ নেতাৰ বিৰোধে গুৱাহাটী অপৰাধ অনুসন্ধান বিভাগত ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে। আইপিচি ১৫৩(এ), ১৫৩(বি), ১২৪ (এ) ধাৰাত গোচৰ ৰুজু কৰা হৈছে। আইন শৃংখলাৰ এডিজিপি জিপি সিঙে এই কথা সংবাদ মাধ্যমক জনায়।
উল্লেখ্য যে আজি সংবাদ মেল অনুষ্ঠিত কৰি অসমৰ বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিতৰ্কিত মন্তব্য কৰাৰ বাবে ছাত্ৰ নেতা জনৰ বিৰোধে গোচৰ তৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

You might also like