নিয়মীয়া বাৰ্তা, ৬ মে’ : বিশ্বত সন্ত্রাসৰ কাৰণ হৈ পৰা ক’ভিড–১৯ৰ পৰা পৰিত্রাণ পাবলৈ আমি প্রত্যেকেই মহাপুৰুষ শ্রীমন্ত শংকৰ গুৰুজনাৰ ধর্মাদর্শৰে পৰিচালিত হোৱাৰ বিকল্প নাই বুলি মন্তব্য কৰিছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ঐতিহ্যমণ্ডিত শ্রীশ্রী ধূৱাহাট বেলগুৰি সত্রৰ সত্রাধিকাৰ মুনীন্দ্র নাৰায়ণ দেৱগোস্বামীয়ে ৷ সত্র–নামঘৰ প্রতিষ্ঠা কৰি সামাজিক আৰু সাংসৃকতিক জীৱনৰ ভেটি প্রতিষ্ঠা কৰা মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ গুৰুজনাই অসমৰ আধ্যাত্মিক, সাহিত্য, সাংস্কৃতিক জগতখন বিভিন্ন গীত, নাট–নৃত্য, কাব্য সাহিত্য, বাদ্য, চিত্র, মুখাশিল্প, বয়ন শিল্পৰ পৰা আৰম্ভ কৰি সামাজিক তথা ধর্মীয় আন্দোলনক আগুৱাই নিয়াৰ বাবে সকলো দিশতে অভূতপূর্ব অৱদান আগবঢ়াই থৈ গৈছে ৷ ১৪৪৯ খ্রীষ্টাব্দত জন্মগ্রহণ কৰা গুৰুজনাই পৰৱর্তী কালত দেশ–বিদেশৰ বিভিন্ন তীর্থ ভ্রমণ কৰি বিশ্বৰ অপূর্ব অভিজ্ঞতা আহৰণ কৰি আৰু অমূল্য গ্রন্থসমূহ অধ্যয়ন কৰি তাৰ পৰা অমৃত মন্থন কৰি গীতা–ভাগৱত, কীর্তন–দশম আদি প্রণয়ন কৰি মর্ত্যৰ মানৱৰ মুক্তি আৰু কল্যাণৰ হকে নৱবৈষ্ণৱ ভক্তি আন্দোলনৰ সোঁত বোৱাই দি সকলো জাতি–জনগোষ্ঠীক লৈ এখন বিশাল ভক্তিবাদৰ সমাজ প্রতিষ্ঠাত গুৰুত্ব প্রদান কৰিছিল ৷ সেইগৰাকী মহাপুৰুষৰ দ্বাৰা ১৫১৬ চনতে প্রতিষ্ঠিত শ্রীশ্রী ধূৱাহাট বেলগুৰি সত্রত মহাপুৰুষ মাধৱদেৱৰ সৈতে ‘মণিকাঞ্চন সংযোগ’ ঘটিছিল ৷
উক্ত সত্রৰে বর্তমানৰ সত্রাধিকাৰ মুনীন্দ্র নাৰায়ণ দেৱগোস্বামীয়ে শিশু অৱস্থাতে উদাসীন ভকতীয়া সাজ পিন্ধি গুৰুজনাৰ ধর্মাদর্শৰে অনুপ্রাণিত হৈ পূর্বৰ সত্রাধিকাৰ প্রয়াত ভদ্রকান্ত দেৱগোস্বামীৰ তত্ত্বাৱধানত উপনয়ন গ্রহণ কৰি সত্রীয়া সাহিত্য–কলা–কৃষ্টি, সংস্কৃতি চর্চা–অধ্যয়ন কৰি পৰৱর্তী সময়ত ডেকা সত্রাধিকাৰ হিচাপে ধেমাজি জিলাৰ উত্তৰ ধেমাজিৰ শান্তিপুৰত ধূৱাহাট বেলগুৰি সত্রৰ এখন শাখা সত্র প্রতিষ্ঠা কৰি পৰিচালনা কৰি আহিছে ৷ পৰৱর্তী সময়ত বিগত ২০১৫ চনত সত্রাধিকাৰ ভদ্রকান্ত দেৱগোস্বামীৰ বিয়োগ ঘটাত মুনীন্দ্র নাৰায়ণ মহন্তই সত্রাধিকাৰৰ দায়িত্ব গ্রহণ কৰি মুনীন্দ্র নাৰায়ণ দেৱগোস্বামী হিচাপে পৰিচিত হয় ৷ অসম–অৰুণাচল প্রদেশৰ সীমান্তৱর্তী অঞ্চল বান্দৰদেৱাত উক্ত মূল সত্রৰ শাখা সত্র এখনো বিগত ২০১০ চনতে প্রতিষ্ঠা কৰি অতি সুচাৰুভাৱে চলাই আহিছে ৷ সত্রাধিকাৰ মুনীন্দ্র নাৰায়ণ দেৱগোস্বামীয়ে বর্তমানৰ সময়ত আধ্যাত্মিক, সাহিত্য আৰু সাংস্কৃতিক জীৱনৰ অৱতাৰী পুৰুষ গুৰুজনাই প্রতিষ্ঠা কৰি থৈ যোৱা সত্র–নামঘৰসমূহ আজিও ভকতসকলে গুৰু বন্তি নিয়মীয়াকৈ জ্বলাই আহিছে আৰু এই গুৰু বন্তি সম্প্রতি প্রত্যেকৰ ঘৰে ঘৰে জ্বলাবলৈ আহ্বান জনায় ৷ সত্রাধিকাৰগৰাকীয়ে কয়– বর্তমান সময়ত ক’ৰোনা ভাইৰাছৰ দৰে মহামাৰীয়ে সমগ্র বিশ্ববাসীকে আতংকিত কৰি তোলাৰ এই জটিল সময়ত এই গুৰু বন্তিয়েহে সেই এলেকাৰ প্রদূষিত বায়ু নির্মল আৰু প্রদূষণমুক্ত কৰিব পাৰে ৷ গুৰুজনাৰ নীতি–আচাৰৰ উপৰি খাদ্য বিচাৰে মন আৰু চিন্তাক আধ্যাত্মিক দিশলৈ ধাৱিত কৰি তোলে ৷ বিশ্বৰ মহীৰূপস্বৰূপ শ্রীমন্ত শংকৰদেৱ গুৰুজনাই ভেদ–ভাব পৰিহাৰ কৰি এখন বিশাল মানৱ সমাজ প্রতিষ্ঠাত আত্মনিয়োগ কৰি সাহিত্য–সংস্কৃতিৰ ভঁৰাল সমৃদ্ধিশালী কৰি থৈ যোৱা এইগৰাকী মহাপুৰুষৰ পদানুসৰণ কৰি চলিলে সকলোৰে মংগল হ’ব বুলি উল্লেখ কৰে সত্রাধিকাৰ মুনীন্দ্র নাৰায়ণ দেৱগোস্বামীয়ে ৷
তেওঁ ইতিমধ্যে লখিমপুৰ জিলাৰ উপৰি ধেমাজি, গোৱালপাৰা, কার্বি আংলং, যোৰহাট, মৰিগাঁও, বিশ্বনাথ, শোণিতপুৰ জিলাকে ধৰি ৰাজ্যৰ বিভিন্ন প্রান্তৰ অলেখ ভকতক শৰণ–ভজন দি গুৰু শিক্ষা–দীক্ষা প্রদান কৰি আহিছে ৷ চৰকাৰৰ লগত যোগাযোগ কৰি সম্প্রতি মূল সত্রভাগিৰ লগতে ধেমাজি আৰু বান্দৰদেৱা শাখা সত্র দুভাগিৰ যথেষ্ট উন্নয়নৰ দিশত আগুৱাই নিয়া হৈছে যদিও মূল সত্রত পর্যটকৰ সুবিধাৰ বাবে অতিথিশালা এটি অতিকৈ প্রয়োজন বুলিও সত্রাধিকাৰে জানিবলৈ দিয়ে ৷ বিশ্বত ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ দৰে বর্তমানৰ জটিল সন্ধিক্ষণত প্রতিগৰাকী লোকে নিজা গৃহত মাটিৰ চাকিত পুৱা–গধূলি এগছিকৈ মিঠাতেলৰ বন্তি প্রজ্বলন কৰি কৃষ ভগৱন্তক স্মৰণ কৰাৰ মুকলি আহ্বান জনাইছে– যাতে সকলোৰে মংগল হয় আৰু এই ব্যাধি মৰিষণ হয় ৷