নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনজাতীয় খাদ্যৰ আছে সুকীয়া বৈশিষ্ট্যঃ কথাশিল্পী হোমেন বৰগোহাঞি

নিয়মীয়া বার্তা, ৯ ডিচেম্বৰঃ জনজাতীয় খাদ্যৰ এটা সুকীয়া বৈশিষ্ট্য আছে৷ জনজাতীয় সংস্কৃতিক লৈ সভ্যতা সৃষ্টি হৈছে৷ অসমত কেবাটাও আন্দোলন হৈছে৷ তাৰ ভিতৰত হৈছে খাদ্য আন্দোলন৷ এই আন্দোলন সৃষ্টি কৰিছে অতুল লহকৰে৷ এই মন্তব্য বিশিষ্ট কথাশিল্পী হোমেন বৰগোহাঞিৰ৷ দেওবাৰে সোণাপুৰৰ নিকটৱর্তী তেতেলীয়াৰ ভৰাগাঁৱত নতুনকৈ স্থাপিত দ’মাহী, দ্য হেৰিটেজ ভিলেজ কিটচেন মুকলি অনুষ্ঠানত প্রথিতযশা সাহিত্যিক বৰগোহাঞিয়ে কয় যে মানুহৰ সভ্যতা–সংস্কৃতিৰ লগত থলুৱা খাদ্যৰ সম্পর্ক আছে৷ তেনেক্ষেত্রত দ’মাহীৰ স্বত্বাধিকাৰী অতুল লহকৰে এই অনুষ্ঠানটোৰ জৰিয়তে গ্রাম্য অঞ্চলৰ বিভিন্ন জাতি–জনগোষ্ঠীৰ থলুৱা খাদ্য সংৰক্ষণৰ লগতে থলুৱা খাদ্যক যি গুৰুত্ব দিয়াৰ ব্যৱস্থা কৰিছে সঁচাকৈয়ে শলাগ ল’বলগীয়া৷ তেওঁ আৰু কয়– হাঁহ খোৱাৰ প্রথম অভ্যাস কৰিছিল আহোমসকলে৷ হাঁহো এটা অসমীয়াৰ থলুৱা খাদ্যৰ ভিতৰতে পৰে৷ প্রত্যেক জাতীয় সংস্কৃতিৰ অংগ হ’ল খাদ্য৷ সভ্যতা সংস্কৃতি গঢ়ি উঠাৰ মূল বস্তু হ’ল খাদ্য৷ মানুহ সংস্কৃতিৰ এটা সর্ববৃহৎ অংগ৷ সমাজ ব্যৱস্থাৰ ক্ষেত্রতো সামাজিক মিলনৰ খাদ্য হ’ল এটা গুৰুত্বপূর্ণ অংগ৷ খাদ্য কেৱল জিভাৰ জুতিৰ বাবে নহয়৷ নিজৰ নিজৰ জনগোষ্ঠীৰ খাদ্য জীয়াই ৰখাৰ ওপৰতো গুৰুত্ব দিব লাগিব বুলি তেওঁ কয়৷ অনুষ্ঠানত লোক সংস্কৃতিৰ সংগ্রাহক, সাহিত্যিক পেন্সনাৰ মুৰুলীধৰ দাসো উপস্থিত থাকে৷ তেওঁ কয় যে বিভিন্ন জাতি–জনগোষ্ঠী জীয়াই ৰখাৰ লগতে থলুৱা খাদ্যকো জীয়াই ৰাখিব লাগিব৷ তেতিয়াহে এটা জাতি জীয়াই থাকে৷ দ’মাহীয়ে এখন চোতাল দিব৷ য’ত খাদ্য নৃত্য, বিভিন্ন জাতি–জনগোষ্ঠীৰ সংস্কৃতিৰ মিলন ঘটিব৷ উক্ত অনুষ্ঠানতে মুৰুলীধৰ দাসক দ’মাহী দ্য হেৰিটেজ ভিলেজ কিটচেন তৰফৰ পৰা জুতি সংস্কৃতি বঁটা–২০১৯ সন্মান জনায়৷ লগতে ১০ হাজাৰ টকাও দিয়া হয় তেওঁক৷ অনুষ্ঠানত দ’মাহীৰ স্বত্বাধিকাৰী অতুল লহকৰে কয়– তেওৰঁ এটা সপোন আছিল অসমীয়াৰ বিভিন্ন জাতি–জনগোষ্ঠীৰ থলুৱা খাদ্য সংৰক্ষণৰ লগতে প্রচলন কৰা৷

You might also like