“জনতা কাৰফিউ” সন্দৰ্ভত সাম্প্ৰদায়িক মন্তব্য দিয়া যুৱকক গ্ৰেপ্তাৰ ঢেকিয়াজুলিত
নিয়মীয়া বাৰ্তা ২৩ মাৰ্চঃ সমগ্ৰ বিশ্বত মহামাৰীৰ ৰূপ লোৱা ক’ৰোনা ভাইৰাছ নিৰাময়ৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীয়ে আহ্বান জনোৱা ইতিবাচক পদক্ষেপক ভেঙুচালি কৰি সাম্প্ৰদায়িক ৰূপ দিবলৈ চেষ্টা কৰা ঢেকিয়াজুলিৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে ঢেকিয়াজুলি আৰক্ষীয়ে ৷ উল্লেখযোগ্য যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনোৱা জনতা কাৰ্ফিউৰ দিনা যিসকল ব্যক্তিয়ে দিনে নিশাই ক’ৰোনা ভাইৰাছৰ দৰে মাৰাত্মক ব্যাধিৰ বিপক্ষে থিয় দি নিজৰ জীৱনটোৰ প্ৰতি ভাবুকিলৈয়ো চিন্তা নকৰি ৰাইজৰ বাবে সেৱা আগবঢ়াই আছে সেই সকলৰ প্ৰতি সেৱা ও কৃতজ্ঞতা জনাই সন্ধিয়া ৫ বজাত ডবা ,শঙ্খ,কাঁহ,ঘন্টা,হাতচাপৰি বজোৱা আদৰণীয় পদক্ষেপক সাম্প্ৰদায়িক ৰূপ দি বিৰূপ মন্তব্য কৰা ঢেকিয়াজুলিৰ ৩ নং ৱাৰ্ডৰ নুৰ ইছলাম (২৯) নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰিলে ঢেকিয়াজুলি আৰক্ষীয়ে ৷দেশবাসীলৈ জনোৱা এক ইতিবাচক আহ্বানক লৈ ৰাজনীতি কৰাৰ অপচেষ্টা কৰা ধুৰন্ধৰ যুৱকজনক তীব্ৰ সমালোচনা কৰিছে ঢেকিয়াজুলিবাসী ৰাইজে৷