নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনতা ভৱনত উত্তপ্ত পৰিস্থিতিঃ পৰিবহণ বিভাগৰ শাৰীৰিকভাৱে সক্ষম কর্মচাৰীক প্রহাৰ বিধায়ক জয়ন্ত বসুমতাৰীৰ

নিয়মীয়া বাৰ্তা, ২৫ আগষ্টঃ   বুধবাৰে বিয়লি জনতা ভৱনত এগৰাকী বিধায়কে বিশেষভাৱে সক্ষম এজন কর্মচাৰীক প্রহাৰ কৰা ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়৷ চিদলী সমষ্টিৰ ইউ পি পি এলৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে বিয়লি প্রায় ৩.৩০ বজাত জনতা ভৱনৰ ‘ডি’ ব্লকত থকা পৰিবহণ বিভাগৰ সচিব আদিল খানক লগ কৰিবলৈ আহে৷ সেই সময়ত পৰিবহণ বিভাগৰ সচিব তথা পৰিবহণ আয়ুক্ত আদিল খানৰ লগত সংলগ্ন হৈ থকা পৰিবহণ আয়ুক্তৰ কার্যালয়ৰ কর্মচাৰী নিম্নবর্গৰ সহায়ক বিভূতি ভট্টাচার্যই বিধায়কগৰাকীক এখন শ্লিপ আগবঢ়াই নামটো লিখি দিবলৈ কয়৷ লগে লগে বিধায়ক বসুমতাৰী অগ্ণিশর্মা হৈ পৰে আৰু তর্জন–গর্জন কৰি হঠাতে নিম্নবর্গৰ সহায়ক বিশেষভাৱে সক্ষম ভট্টাচার্যক পূর্ণ কাণতলীয়া চৰ এটা শোধায়৷ এই ঘটনাৰ পাছতেই জনতা ভৱন উত্তপ্ত হৈ পৰে আৰু সচিবালয়ৰ কর্মচাৰীসকলে দোষী বিধায়কজনক শাস্তিৰ দাবীত কিছু সময় জনতা ভৱন ঘেৰাও কৰি প্রতিবাদ সাব্যস্ত কৰে৷ সদৌ অসম কর্মচাৰী পৰিষদ, অসম সচিবালয় সেৱা সন্থাই বিধায়ক বসুমতাৰীয়ে এগৰাকী চৰকাৰী কর্মচাৰীক কার্যালয়তে চৰ শোধোৱা কার্যক ধিক্কাৰ দিয়ে৷ এই সন্দর্ভত কর্মচাৰী পৰিষদৰ লগতে সচিবালয় সেৱা সন্থাই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, মুখ্য সচিব জিষ্ণু বৰুৱা আৰু পৰিবহণ বিভাগৰ সচিব আদিল খানৰ হস্তক্ষেপ বিচাৰিছে৷ তেওঁলোকৰ স্পষ্ট দাবী– জনতা ভৱনৰ ভিতৰতে এগৰাকী চৰকাৰী কর্মচাৰীক কোনো কাৰণ নোহোৱাকৈ শাৰীৰিকভাৱে অপদস্থ কৰিছে৷ তাকো এগৰাকী শাৰীৰিকভাৱে সক্ষম কর্মচাৰীৰ গাত হাত দিছে৷ সেয়ে চৰকাৰে বিধায়কগৰাকীৰ ওপৰত কঠোৰ ব্যৱস্থা ল’ব লাগে৷ বিষয়তো সংক্রান্তত অসম সচিবালয় সেৱা সন্থাই বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীকো লিখিতভাৱে অৱগত কৰি বিধায়কজনৰ ওপৰত ব্যৱস্থা গ্রহণৰ দাবী জনাব বুলি প্রকাশ কৰিছে৷ ইপিনে ঘটনা সম্পর্কত প্রতিক্রিয়া প্রকাশ কৰি সংবাদ মাধ্যমৰ আগত বিধায়ক বসুমতাৰীয়ে কয় যে তেওঁ নিজকে বিধায়ক বুলি পৰিচয় দিয়াৰ পাছতো উক্ত কর্মচাৰীজনে তেওঁক পৰিবহণ সচিবৰ চেম্বাৰত প্রৱেশৰ বাবে শ্লিপ দিবলৈ বাৰে বাৰে হেঁচা প্রয়োগ কৰে৷ এটা সময়ত তেওঁৰ পিএজনৰ লগতো একেটা বিষয়ক লৈ কর্মচাৰীজন বাকযুদ্ধত লিপ্ত হয়৷ এনে পৰিস্থিতিত তেওঁ কর্মচাৰীজনক হাতত ধৰি ঠেলিহে দিছিল৷ সেই ঘটনাটোকে ডাঙৰকৈ সজোৱা হৈছে৷

You might also like