জনতা ভৱনত দ্বাদশ ৰাজ্যিক স্বাস্থ্য মিছন বৈঠকত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
নিয়মীয়া বাৰ্তা, ১১ ডিচেম্বৰ: মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি মন্ত্ৰীত্রয় কেশৱ মহন্ত, ৰঞ্জিত দাস আৰু ইউ জি ব্ৰহ্ম, সাংসদদ্বয় পল্লৱ লোচন দাস আৰু ৰাজদীপ ৰয়, বিধায়ক নন্দিতা গাৰ্লোছা আৰু ভুবন পেগু তথা ৰাষ্ট্রীয় স্বাস্থ্য মিছন, অসম আৰু পৰিয়াল কল্যাণ বিভাগৰ বিষয়াসকল প্রমুখ্যে অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত জনতা ভৱনত দ্বাদশ ৰাজ্যিক স্বাস্থ্য মিছন বৈঠকত সভাপতিত্ব কৰে।
মুখ্যমন্ত্রীয়ে পূৰ্বৱৰ্তী এছ এইচ এম বৈঠকত লোৱা পদক্ষেপৰ স্থিতি পৰ্যৱেক্ষণৰ লগতে অনাগত দিনবোৰত অভিযানটোৰ বাবে ভৱিষ্যৎ কার্যপন্থা নির্ধাৰণৰো কেতবোৰ নিৰ্দেশনা দিয়ে।
বৈঠকত মুখ্যমন্ত্রীয়ে আগবঢ়োৱা কেইটামান পৰামৰ্শৰ ভিতৰত সমাজ কল্যাণ বিভাগ আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মাজত সঠিক সমন্বয়; প্রত্যাশী জিলা আৰু আই এম আৰ হাৰ অতি উচ্চ অঞ্চলত মিছন মোডেৰে এছ এন চি ইউ আৰু পুষ্টিগত পুনৰ্বাস কেন্দ্ৰ (Nutritional Rehab Centres)ৰ সংখ্যা বৃদ্ধি কৰা; কৰিমগঞ্জ, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত ক’ভিড টিকাকৰণৰ বাকী ৰোৱা লক্ষ্য পূৰণৰ বাবে বিশেষ পদক্ষেপ লোৱা আদি অন্যতম।
তদুপৰি আই এম আৰৰ হাৰ হ্ৰাস কৰাৰ বাবে প্ৰতিষ্ঠানগত বিতৰণ কেন্দ্র হিচাপে আয়ুষ্মান ভাৰত সুস্থতা কেন্দ্ৰসমূহৰ সবলীকৰণত গুৰুত্ব আৰোপ কৰাকে ধৰি চাহ বাগিচা অঞ্চলত গৰ্ভৱতী মহিলাৰ বাবে ক্ষতিপূৰণৰ পৰিশোধৰ প্রক্রিয়াৰ মসৃণ ৰূপায়ণৰ বাবে একক ন’ডেল এজেঞ্চী নিয়োজিত কৰি মজুৰী ক্ষতিপূৰণ আঁচনিখন সুশৃংখিলত কৰা, ৰাজ্যখনৰ বিভিন্ন স্বাস্থ্য প্ৰতিষ্ঠানত উপলব্ধ প্ৰায় ৩০০০ আই চি ইউৰ বাবে সঠিক মানৱ সম্পদৰ পৰিকল্পনা আৰু সমল পৰিকল্পনাৰ ক্ষেত্রতো মুখ্যমন্ত্রীয়ে গুৰুত্বপূর্ণ পৰামর্শ আগবঢ়ায়।