নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জন্ম শতবার্ষিকীত ৰাজেন্দ্র নাথ বুজৰবৰুৱাক সশ্রদ্ধ স্মৰণ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ

নলবাৰীৰ দতৰাত গাম্ভীর্যপূর্ণ অনুষ্ঠানত স্মৃতিগ্রন্থ ‘ৰাজেন্দ্র সুবাস’ উন্মোচন কনকসেন ডেকাৰ

নিয়মীয়া বাৰ্তা ২৪ ফেব্ৰুৱাৰীঃ পৃথিৱীৰ যিকোনো মানুহ স্মৰণীয় হৈ থাকিবলৈ হ’লে সৎ কর্মৰ অধিকাৰী হ’ব লাগিবই৷ কিছুমান মানুহ অসৎ কর্মৰেও বিখ্যাত হৈ পৰে যদিও তেওঁলোকৰ স্মৰণ
ক্ষন্তেকীয়া৷ –এই মন্তব্য বিশিষ্ট সাংবাদিক তথা অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি কনকসেন ডেকাৰ৷ নলবাৰী জিলাৰ চতমা আঞ্চলিক শাখা সাহিত্য সভাৰ উদ্যোগত আৰু পৰিয়ালৰ সহযোগত চতমা শাখা সাহিত্য সভাৰ প্রাক্তন সভাপতি, শিল্পী, সাহিত্যিক, কৃতী শিক্ষক, বিশিষ্ট সমাজকর্মী প্রয়াত ৰাজেন্দ্র নাথবুজৰবৰুৱাৰ জন্ম শতবার্ষিকী আৰু স্মৃতিগ্রন্থ উন্মোচনী সভাত দেওবাৰে স্মৃতিগ্রন্থ উন্মোচন কৰি বিশিষ্ট সাংবাদিকগৰাকীয়ে এইদৰে মন্তব্য কৰে৷ সাংবাদিক ডেকাই ৰাজেন্দ্র নাথ বুজৰবৰুৱাৰ স্মৃতিচাৰণ কৰাৰ লগতে কর্মৰাজি সমগ্র অসমতে বিয়পাই দিবলৈ আহ্বান জনায়৷ দতৰাস্থিত পণ্ডিত শিৱনাথবুজৰবৰুৱা ক্ষেত্রত আবেলি ৩ বজাৰ পৰা অনুষ্ঠিত সভাখনতবীৰেন ভট্টাচার্য সম্পাদিত ‘ৰাজেন্দ্র সুবাস’ নামৰ স্মৃতিগ্রন্থখন উন্মোচন কৰি তেওঁ কয় যে কর্মৰ দ্বাৰাইহে এখন সমাজ নতুবা এটা জাতি আগবাঢ়ি যাব পাৰে৷ সংবাদিকগৰাকীয়ে ৰাজেন্দ্র নাথ বুজৰবৰুৱাৰ শিল্প, সাহিত্য, শিক্ষকতা আৰু সমাজ জীৱনত আগবঢ়োৱা অৰিহণাৰ বিষয়েও আলোকপাত কৰে৷ অনুষ্ঠানত অসমৰ শিক্ষা, বিত্ত, গড়কাপ্ঢানী মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি ৰাজেন্দ্র নাথ বুজৰবৰুৱাই অসমৰ সাহিত্য ক্ষেত্রখনলৈ আৰু ভাৰতবর্ষৰ সনাতনী ধর্ম প্রচাৰ আৰু প্রসাৰৰ বাবে আগবঢ়োৱা বৰঙনিৰ ৰোমন্থন কৰে৷ এখন অতি পিছপৰা গাঁৱত জন্মগ্রহণ কৰিও ৰামধেনু, বাঁহী, আৱাহন যুগত নিজৰ সাহিত্যৰাজিৰে অসমীয়া সাহিত্যৰ ভঁৰাল ৰাজেন্দ্র নাথ বুজৰবৰুৱাই চহকী কৰি থৈ গৈছে বুলি মন্ত্রীগৰাকীয়ে মন্তব্য কৰে৷ সভাত বিশিষ্ট অতিথি হিচাপে চিনেমা পৰিচালক, ৰজত কমল বঁটা লাভ কৰা মঞ্জু বৰাই ভাষণ দিয়ে৷ সভাত উপস্থিত থাকে উত্তৰ কমলাবাৰী সত্রৰ সত্রাধিকাৰ জনার্দন দেৱগোস্বামী, সাংসদ দিলীপ শইকীয়া, মন্ত্রী ভৱেশ কলিতা, মন্ত্রী পীয়ূষ হাজৰিকা, বিধায়ক অশোক শর্মা, বিধায়ক নাৰায়ণ ডেকা, অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, উপাধ্যক্ষ নৱদীপ কলিতা, জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱচৌধুৰী, অভিনেতা যতীন বৰাকে ধৰি বহু বিশিষ্ট লোক৷ কার্যসূচী অনুসৰি পুৱা ৯বজাত সাহিত্য সভাৰ পতাকা উত্তোলন কৰে চতমা আঞ্চলিক শাখা সাহিত্য সভাৰ উপ–সভাপতি হীৰেন্দ্র নাথ গোস্বামীয়ে৷ আবেলি ২.৪৫ বজাত প্রয়াত ৰাজেন্দ্র নাথ বুজৰবৰুৱাৰ প্রতিকৃতিত বন্তি প্রজ্বলন কৰে তেওঁৰ পত্নী ননী বালাবুজৰবৰুৱাই৷ তাৰ পাছতে সামূহিক পুষ্পাঞ্জলি প্রদান কার্যসূচী ৰূপায়ণ কৰা হয়৷ আবেলি ৩ বজাত জন্ম শতবার্ষিকী উদ্যাপন সমিতিৰ সহঃ সম্পাদক অমৰেন্দ্র শর্মাই আঁত ধৰা মুকলি সভা আৰু গ্রন্থ উন্মোচনী সভাত সভাপতিত্ব কৰে শতবার্ষিকী উদ্যাপন সমিতিৰ সভাপতি বীৰেন্দ্রনাথ শর্মাই৷ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে চতমা শাখা সাহিত্য সভাৰ সম্পাদক গিৰীন্দ্র দেৱশর্মাই৷ শেষত শলাগৰ শৰাই আগবঢ়ায় ৰাজেন্দ্র নাথ বুজৰবৰুৱাৰ বৰপুত্র প্রশান্ত বুজৰবৰুৱাই৷ সন্ধিয়া ৭.৩০বজাত সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে বিশিষ্ট গায়ক, সংগীতশিল্পী পুলক বেনার্জীয়ে৷ সাংস্কৃতিক অনুষ্ঠানত মাজুলীৰ শ্রীশ্রী উত্তৰ কমলাবাৰী সত্রৰ শিল্পীসকলৰ সত্রীয়া সাংস্কৃতিক কার্যসূচীৰ লগতে শ্রুতি বুজৰবৰুৱা আৰু ত্রিবেণী বুজৰবৰুৱাই গীত পৰিৱেশন কৰে৷ সাংবাদিকৰ আগত মন্ত্রীগৰাকীয়ে অসমক ভাৰতৰ পৰা বিচ্ছিন্ন কৰিব খোজা চার্জিল ইমাম সন্দর্ভত কয় যে অসমৰ সাংবাদিক, অধ্যাপকৰ লগত তেওঁৰ সম্পর্কৰ বিষয়ে তদন্তত সকলো ওলাই পৰিব৷

You might also like