নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাগীৰোডত ১০ হাজাৰ মাস্ক বিতৰণ মন্ত্ৰী পীযুষ হাজৰিকাৰ

নিয়মীয়া বাৰ্তা, ৭ এপ্ৰিলঃ বুধবাৰে জাগীৰোডত স্বাস্থ্য বিভাগৰ তৰফৰ পৰা ছেনিটাইজ কৰা কামৰ তদাৰক কৰিবলৈ উপস্থিত হয় মন্ত্ৰী পীযুষ  হাজৰিকাই । ইপিনে জাগীৰোডত উপস্থিত হৈয়ে মাস্ক অবিহনে বজাৰলৈ অহা একাংশ লোকক বিনামূলীয়াকৈ মাস্ক বিতৰণ কৰে মন্ত্ৰীগৰাকীয়ে ।

ইপিনে জাগীৰোডত ১০ হাজাৰ মাস্ক বিতৰণৰ কথা প্ৰকাশ কৰে মন্ত্ৰী পীযুষ  হাজৰিকাই ।

আনহাতে বুধবাৰে সাম্প্ৰদায়িক মন্তব্য কৰি গ্ৰেপ্তাৰ হোৱা এআইইউডিএফৰ বিধায়ক আমিনুল ইছলাম সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে চৰকাৰে জাতি-ধৰ্মৰ উৰ্ধত গৈ সকলোৰে বাবে কাম কৰিছে । এনেকৈ সাম্প্ৰদায়িক মন্তব্য কৰাটো উচিত নহয় । লগতে ৰাইজকো সাম্প্ৰদায়িক মন্তব্য দিয়াৰ পৰা বিৰত থকাৰ আহ্বান জনায় ।

You might also like