নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাগীৰোড আৰু কাছাৰ পেপাৰ মিলৰ কৰ্মচাৰীয়ে ঘৰ এৰিব নালাগেঃ ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা ৯ জানুৱাৰীঃ আজি জনতা ভৱনত বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক সংবাদ মেলৰ আয়োজন কৰে। সংবাদ মেলত বিশেষকৈ জাগীৰোড আৰু কাছাৰ পেপাৰ মিলৰ কৰ্মচাৰী সকলৰ বাবে সুখবৰ কঢ়িয়াই আনিছে। সংবাদত মেলত ড০ শৰ্মাই কৰা ঘোষণা কৰা আঁচনি সমূহ এনে ধৰণৰ
জাগীৰোড আৰু কাছাৰ পেপাৰ মিলৰ কৰ্মচাৰীয়ে ঘৰ এৰিব নালাগে। ৰাজ্যৰ চৰকাৰে বিজুলী যোগান ধৰি আহিছে। এইচ পি এছ ৰ কৰ্মচাৰী সকলৰ সন্তান সকলৰ বাবেও বিশেষ পদক্ষেপ। মেডিকেল, ইঞ্জিনিয়াৰিঙয়ত পঢ়ি থকা শিক্ষাৰ্থী সকলৈ ১ লাখ টকাৰ সাহাৰ্য । গৱেষণা কৰা ছাত্ৰই এককালীন ভাৱে ৭৫ হাজাৰ, স্নাতক, পলিটেকনিক ছাত্ৰই ৫০ হাজাৰ টকা, উচ্চতৰ মাধ্যমিকৰ ছাত্ৰই এককালীন ২৫ হাজাৰ টকা, ক শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ শিক্ষাৰ্থী সকললৈ ১০ হাজাৰ টকা সাহাৰ্য। বিত্ত বিভাগৰ ৱেব পৰ্টেলৰ যোগেদি ১৪ জানুৱাৰীৰ পৰা ২০ জানুৱাৰী লৈ এই আবেদন কৰিব পাৰিব। ২০ তাৰিখৰ পৰা ৩০ তাৰিখলৈ জিলা উপায়ুক্তই চৰজমিন তদন্ত কৰিব। আবেদনত কোনো নথি পত্ৰ দিব নালাগে। ফ্ৰেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত পইচা লাভ কৰিব। ৭০০ কৰ্মচাৰীৰৰ ক্ষেত্ৰত প্ৰযোজ্য। অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সকলৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। ৰাষ্ট্ৰীয় স্বাথ্য অভিযানৰ অধীনত যি সকলে চাকৰি কৰি আছে তেওঁলোকক বছৰি ৫ লাখ টকাৰ চিকিৎসা প্ৰদান। কৰ্মচাৰী জনৰ পৰিয়ালেও এই আঁচনিৰ সুফল লাভ কৰিব। ৫০ হাজাৰ চাকৰিয়ালে পাব এই সুবিধা। টেট শিক্ষক সকলেও এই আঁচনিৰ সুবিধা ,লাভ কৰিব। চৰকাৰী দিব্যাংগ কৰ্মচাৰীসকলে যান বাহন ক্ৰয় কৰবলৈ বেংকৰ পৰা লোণ ললে ৪ শতাংশ সুত ৰাজ্য চৰকাৰে বহন কৰিব।

You might also like