নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাগ্রত প্রহৰীৰ ৰূপত মৃত্যুঞ্জয়

মাজুলীত দুখন ১০৮ৰ নিৰন্তৰ সেৱা

নিয়মীয়া বার্তা, ১১ মেঃ  সমগ্র বিশ্বতে ক’ভিড–১৯ মহামাৰীৰ পৰা ৰক্ষা পৰাৰ কাৰণে সমগ্র অসমত নিৰৱচ্ছিন্নভাৱে জৰুৰীকালীন সেৱা আগবঢ়াই অহাৰ সমান্তৰালভাৱে মাজুলীত ১০৮ মৃত্যুঞ্জয় এম্বুলেন্স সেৱাই ক’ভিড–১৯ মহামাৰী জৰুৰীকালীন সেৱা আগবঢ়াই অহাত পালন কৰিছে গুৰুত্বপূর্ণ ভূমিকা৷

মাজুলী জিলাত থকা মাত্র দুখন ১০৮ মৃত্যুঞ্জয় গাডীয়ে অহৰহ ক’ভিড–১৯ সেৱাত ব্রতী হৈ মাজুলীবাসীৰ সেৱা আগবঢ়াই আহিছে৷ মাজুলী জিলাৰ জৰুৰী ব্যৱস্থাপনা কার্যবাহী বিষয়া তথা মিছন সমন্বয়ক বিশ্বজিত হাজৰিকাই আমাক জনোৱা তথ্য অনুসৰি পহিলা এপ্রিলৰ পৰা বর্তমানলৈকে ক’ভিড সেৱাত নিয়োজিত এই দুখন এম্বুলেন্স সেৱাই মাজুলীৰ বিভিন্ন স্থানলৈ ২১০জন ব্যক্তিক কঢ়িওৱাৰ ব্যৱস্থা কৰিছে ৷

আনহাতে ১৭৫০গৰাকী সন্দেহজনক লোকক বিভিন্ন মেডিকেল, জিলা হাস্পতাল ১৮৪গৰাকীক প্রাথমিক স্বাস্থ্য কেন্দ্রলৈ আৰু ৩৪০গৰাকীক সামূহিক স্বাস্থ্য কেন্দ্রলৈ কঢ়িয়াই ৰাইজক সহায় কৰিছে৷ জৰুৰীকালীন সঁহাৰি কেন্দ্র (ইআৰচি) নিয়োজিত কর্মীসকলে অতিৰিক্ত কাৰিকৰী টেকনিচিয়ানসকলৰ সহায়ত দিনে–নিশাই নিৰৱচ্ছিন্নভাৱে সেৱা কৰি অহা ৰাইজৰ দুর্যোগ আৰু বিপদৰ সময়ত জাগ্রত প্রহৰীৰ দৰে কাম কৰি আহিছে৷

মৃত্যুঞ্জয় সেৱাত নিয়োজিতসকলক ক’ভিড–১৯ সন্দেহজনক ব্যক্তিক কঢ়িওৱাৰ সময়ত সুৰক্ষাৰ কাৰণে পি পি ই কিট আৰু অন্যান্য সামগ্রীৰ উপৰি প্রয়োজনীয় ব্যৱস্থা আৰু সতর্কতাৰ সন্দর্ভত প্রশিক্ষণপ্রাপ্ত কৰি তোলাত গুৰুত্ব দি ৰাইজৰ সেৱাত উৎসর্গিত হৈছে৷ এই এম্বুলেন্স সেৱাত ক’ভিড– ১৯ সন্দেহজনক ব্যক্তিক উঠোৱা আৰু নমোৱাৰ পাছত ছ’ডিয়াম হাইড্রক্ল’ৰাইডেৰে শুদ্ধকৰণ কৰাৰ ব্যৱস্থা কৰিছে যাতে কোনো কাৰণতে ক’ৰোনা সংক্রমিত হ’ব নোৱাৰে৷ তথ্য অনুসৰি ২২ মার্চৰ পৰা ৩০ এপ্রিলপর্যন্ত মাজুলীৰ ১০৮ এম্বুলেন্স সেৱাই ক’ভিড সম্পর্কীয় ১০ , প্রসূতি সম্পর্কীয় ২৩৮, অসহনীয় বিষ সম্পর্কীয় ১৬৬, শ্বাস–প্রশ্বাসজনিত ৩৮, অতিপাত জ্বৰ সম্পর্কীয় ৮০, অন্যান্য বিশেষ ৰোগ সম্পর্কীয় ৯৩ ব্যক্তিক ১০৮ মৃত্যুঞ্জয় সেৱা আগবঢ়াই উপকৃত কৰিবলৈ সক্ষম হৈছে৷ মিছন সমন্বয়ক বিক্রম হাজৰিকাই এইক্ষেত্রত মাজুলী জিলা প্রশাসনৰ পৰামর্শ আৰু নির্দেশনা উল্লেখনীয় বুলি জানিবলৈ দিছে৷

You might also like