নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাজৰিৰ হত্যাকাণ্ড: দুই অভিযুক্ত কনিষ্টবলক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা, ৬ জুনঃ বটদ্রৱা সমষ্টিৰ জাজৰিত সুৰামত্ত অৱস্থাত কর্তব্য পালন কৰি থকা আৰক্ষী কনিষ্টবল পৰেশ শর্মা আৰু আতিকুৰ ৰহমানৰ দানৱীয় জিঘাংসাৰ বলি হৈ বৃহস্পতিবাৰে সন্ধিয়া মৃত্যুক সাবটি লোৱা স্থানীয় গাঁওৰক্ষী বাহিনীৰ সম্পাদক ফণীধৰ বৰাৰ জাজৰি ধলপুৰীয়াস্থিত বাসগৃহত শুকুৰবাৰে দুপৰীয়া অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালকপ্রধান (আইন–শৃংখলা) জি পি সিং উপস্থিত হয়৷
অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালকপ্রধানগৰা অপৰাধীৰ ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰি দুর্ভগীয়া পৰিয়ালটোক ন্যায় প্রদানৰ আশ্বাস দিয়াৰ লগতে অসম আৰক্ষীৰ তৰফৰ পৰা এক লাখ টকাৰ এককালীন সাহায্য প্রদান কৰে৷ আগন্তুক পোন্ধৰ দিনৰ ভিতৰত অপৰাধী আৰক্ষী কনিষ্টবল দুজনৰ বিৰুদ্ধে চার্জশ্বীট দাখিলৰ নির্দেশনা দিয়ে শীর্ষ বিষয়াজনে৷ আৰক্ষী কনিষ্টবল দুজনক ইতিমধ্যে গ্রেপ্তাৰ কৰা হয় বুলি তেওঁ সাংবাদিকৰ সন্মুখত প্রকাশ কৰে৷
ইপিনে নিৰপেক্ষ তদন্তৰ স্বার্থত জাজৰি থানাৰ বহু বিতর্কিত আৰক্ষী বিষয়া মলয় আচার্যক ৰিজার্ভ ক্ল’জ কৰা হৈছে৷ শুকুৰবাৰে বিয়লিৰ ভাগত ফণীধৰ বৰাৰ মৃতদেহ জাজৰিৰ বাসগৃহলৈ অনাৰ পিছতেই জাজৰি অঞ্চলত শোকাকুল পৰিৱেশৰ সৃষ্টি হয়৷ অঞ্চলটোৰ বিভিন্ন দল–সংগঠনৰ লোকসকল ফণীধৰ বৰাৰ জাজৰি ধলপুৰীয়াৰ বাসগৃহত উপস্থিত হৈ শেষ শ্রদ্ধা জ্ঞাপন কৰে৷ জাজৰি অঞ্চলৰ সৰবৰহী সমাজকর্মী আছিল বৰা৷ ছবছৰীয়া অসম আন্দোলনৰ সময়ছোৱাত বৃহত্তৰ হাতীচোং আঞ্চলিক ছাত্র সন্থা আৰু নগাঁও জিলা ছাত্র সন্থাক নেতৃত্ব দিয়াৰ উপৰি মৃত্যুৰ আগলৈকে গাঁওৰক্ষী বাহিনী, জাজৰি ব্যৱসায়ী সন্থাকে ধৰি কেইবাটাও স্থানীয় সংগঠনৰ দায়িত্ব বহন কৰি থকা ফণীধৰ বৰাৰ বিয়োগত ছাত্র সন্থা, অগপ, বিজেপিৰ দলংঘাট মণ্ডল সমিতি, জাজৰি প্রেছ ক্লাব, জাজৰি ব্যৱসায়ী সন্থা আৰু জাজৰি গাঁওৰক্ষী বাহিনীৰ কর্মকর্তাসকলে গভীৰ শোক প্রকাশ কৰিছে৷
You might also like