নিয়মীয়া বার্তা,২২ ফেব্রুৱাৰীঃ জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তর্গত শিঙিমাৰী গাঁও পঞ্চায়তৰ অধীনস্থ ১৯৪ আৰু ১৯৫ বুথৰ মানসজ্যোতি বর্মন আৰু কপাহী বর্মনক (দুয়োগৰাকী বিকলাংগ) স্থানীয় বিধায়ক তথা মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দুখন হুইল চেয়াৰ কালি প্রদান কৰে ৷ দুয়োগৰাকীয়ে হুইল চেয়াৰ লাভ কৰি যথেষ্ট আনন্দ প্রকাশ কৰে ৷ মন্ত্রীগৰাকীৰ এই সহায়ৰ বাবে দুয়োটা পৰিয়ালৰ সদস্যসকলৰ লগতে স্থানীয় ৰাইজে ড০ হিমন্ত বিশ্ব শর্মাক ভূয়সী প্রশংসা কৰে ৷