জুবিনৰ কোনটো গান নতুনকৈ গালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?
নিয়মীয়া বাৰ্তা, ২৩ ফেব্ৰুৱাৰীঃ ডিব্ৰুগড়ত বিজেপিৰ বিশাল সংকল্প সমাৰোহ। সমাৰোহত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উদাত্ত ভাষণ। নিজৰ বক্তব্যৰ মাজতে মন্ত্ৰীগৰাকীয়ে আওঁৰালে জুবিন গাৰ্গৰ গীত ‘পলিটিক্স নকৰিবা বন্ধু’ শীৰ্ষক গীতটি। ‘মিছা কথা কৈ পলিটিক্স নকৰিবা বন্ধু’ বুলি নতুনকৈ গালে মন্ত্ৰী ড০ শৰ্মাই। তেওঁ কয় যে কা প্ৰতিবাদকাৰীসকলে অসমৰ উন্নতি নিবিচাৰে। অসমৰ শিক্ষাৰ্থীসকল মেধাৱী হোৱাটো তেঁওলোকে নিবিচাৰে। এই আন্দোলন উদ্দেশ্য প্ৰণোদিত।
মিছা কথাৰে তেওঁলোকে অসমখনক অশান্তি কৰিব খুজিছে, অসমবাসী ৰাইজক বিপথে পৰিচালিত কৰিব বিচাৰিছে। বাংলাদেশী আহিব বুলি মিছা কথা কৈ একাংশ সংগঠনে সভালৈ মানুহ আনে। তেনে সংগঠনসমূহক কটাক্ষ কৰিয়েই মন্ত্ৰীগৰাকীৰ মুখত শুনা গ’ল এই গীতটি।