নিয়মীয়া বাৰ্তা, ২৭ জুনঃ জোনাইত চিয়াং আৰু লালী নৈ আৰু ইয়াৰ উপনৈসমূহৰ পানী ফেনেফুটুকাৰে বাঢ়ি অহাৰ ফলত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ জলমগ্ন হৈছে ১৩৭ খন গাঁও, ৫৭৫৫৭ লোক বানৰ কবলত পৰাৰ লগতে ৯৩২৫ হেক্টৰ কৃষিভূমি এতিয়া পানীৰ তলত৷ মহকুমাটোত বানৰ কবলত শ শ পৰিয়ালে ঘৰ-দুৱাৰ এৰি আশ্ৰয় লৈছে ওখ মথাউৰিত৷ মথাউৰি আশ্ৰয় লোৱা মানুহৰ উপৰি জীৱ-জন্তু ভুগিছে খাদ্যৰ লগতে খোৱাপানীৰ সংকটত। যোৱা কেবাদিনো দি থকা নেৰা নেফেৰা বৰষুণৰ ফলত ফেনে ফোটোকাৰে বাঢ়ি অহা লালী আৰু চিয়াং নৈৰ পানীয়ে জোনাইৰ বেৰাচাপৰি বিস্তীৰ্ণ অঞ্চল বুৰাই পেলাইছে৷
প্ৰাপ্ত খবৰ অনুসৰি বাহিৰ জোনাই বেৰাচাপৰি , লোহিজান, তাৰী কছাৰী, তাৰী মাজঁ গাওঁ, তাৰী নেপালী, তাৰী বেঙ্গলী, তাৰী বস্তি আদি অঞ্চলত ইতিমধ্যে লালী চিয়াং নৈ বাঢ়নী পানীত বুৰ গৈছে৷ যাৰ ফলত ভগ্ন মথাউৰি ওপৰত দিন কটাবলগীয়া হৈছে প্ৰায় দুই শতাধিক বন্যাৰ্তই৷ তদুপৰি পশুধনৰ খাদ্যৰ অভাৱত বানাক্ৰান্ত লোসকলে হাঁহাকাৰ কৰিবলগীয়া হৈছে৷ স্থানীয় বৰ্নাত্যসকলে জানিবলৈ দিয়ামতে, জোনাই মহকুমা প্ৰসাশে বানাক্ৰান্ত লোকসকলকৰ মাজত ১০ টা পৰিয়ালৰ বিপৰীতে এখন ট্ৰিপাল , তিনিদিনৰ পিছত গাই প্ৰতি ১ কেজিকৈ চাউল, অলপ দাইল আৰু নিমখ বিতৰণ কৰিয়ে দায়িত্ব সামৰা বুলি বানাক্ৰান্ত ৰাইজে অভিযোগ উত্থাপিত কৰিছে৷ টুলুঙা নাৱ আৰু ভগ্ন মথাউৰিকে ভাৰসা কৰি বান পৰিস্থিতিৰে মোকাবিলা কৰিবলগীয়া হৈছে বন্যাৰ্তসকল৷ উপায়হিন হৈ ভগ্ন মথাউৰি ওপৰতে বেৰাচাপৰি অঞ্চলৰ দুই শতাধিক পৰিয়ালৰ গৰু- মহৰ সতৈ আশ্ৰয় গ্ৰহণ কৰিছে৷ যোৱা ১০দিনে মথাউৰি ওপৰত আশ্ৰয় লোৱা এই লোকসকল এতিয়া ভুগিছে তীব্ৰ খাদ্য আৰু খোৱা পানী সংকটত৷ মহকুমা প্ৰশাসনে নাম মাত্ৰ সাৰ্হায্য বিতৰণ কৰাত হাহাঁকাৰ অৱস্থা এই বানাক্ৰান্ত ৰাইজৰ মাজত৷ আনহাতে ইমানদিনে কোনো পশুখাদ্যৰ যোগান ধৰা নাই মহকুমা প্ৰশাসনে ইফালে জোনাই নদীয়ে মথাউৰি চিঙি দিয়াৰ ফলত চিঙা অংশৱেদি পানী সোমাই বৃহত্তৰ মহমৰা অঞ্চল বুৰাই পেলোৱাত বিভীষিকাময় পৰিৱেশৰ সৃষ্টি হৈছে অঞ্চল টোৰ ৰাইজৰ৷
উল্লেখ্য যে জোনাই মহকুমাত প্ৰায় ১৩৭ খনৰো অধিক নৈ পৰীয়া গাঁও জলমগ্ন হৈ পৰাত অভাৱনীয় পৰিৱেশৰ সৃষ্টি হৈছে৷ মহকুমাটোত বৰ্তমানলৈকে বন্যাৰ্তসকলৰ বাবে মাত্ৰ এটা চৰকাৰী আশ্ৰয় শিবিৰ পাতিছে মহকুমা প্ৰশাসনে৷ এই চৰকাৰী শিবিৰত বৰ্তমান লৈকে ১০১ গৰাকী বানাক্ৰান্ত লোক আশ্ৰয় লৈছে৷ জোনাইত ফেনে ফুটুকাৰে বাঢ়ি থকা পানীত যোৱা ২৫ তাৰিখৰ সন্ধিয়া প্ৰায় ৭ বজাত এক ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হয়৷ জোনাইৰ ৰাকুট কেমেৰেৰ পৰা ৰোহিত পুৰ দেউৰী গাঁওলৈ টুলুঙা নাওৰে ঘৰলৈ গৈ থকা অৱস্থাত বৃস্পতিবাৰে সন্ধিয়া ৭ বজাত জোনাই নদীত এক নাও দুৰ্ঘটনা সংঘটিত হয়৷ এই নাও দুৰ্ঘটনাত ৰশ্মি দেউৰী নামৰ ১২ বছৰীয়া এগৰাকী কিশোৰীৰ আজি দুদিনে সন্ধানহীন হৈ আছে ৷ দুৰ্ঘটনাগ্ৰস্থ নাওখনত আছিল ৭ গৰাকী যাত্ৰী আছিল ৷ সন্ধানহীন কিশোৰীগৰাকী বায়েকক প্ৰশাসনে ৯ বজাত খবৰ দিয়াত লগে লগে জোনাই আৰক্ষী আৰু এচ.ডি.আৰ.এফ বাহিনীয়ে কালি পৰা উদ্ধাৰ অভিযান অব্যাহত হৈ আছে ৷ উল্লেখ্য যে ধেমাজিৰ পৰা আন এটা এছ ডি আৰ এফ দলে উদ্ধাৰ আভিযান চলাই আছে৷ কিন্তু আজি তিনিটাদিনে কিশোৰীগৰাকীক উদ্ধাৰ কৰিব পৰা হোৱা নাই৷