জৰুৰীকালীন সেৱাত ব্যৱহৃত এম্বুলেন্সে মাৰিছে ভাড়া
বিশ্বনাথত এম্বুলেল্স চালকক কাণত ধৰি আঠু কঢ়ালে আৰক্ষীয়ে
নিয়মীয়া বাৰ্তা, ২৮ মাৰ্চঃ দেশত লক ডাউন। অসমতো লক ডাউনৰ ব্যাপক প্ৰভাৱ। জৰুৰীকালীন সেৱা অব্যাহত থকাৰ সময়তে একাংশ এম্বুলেন্স চালকৰ অদ্ভুত কাৰ্য। এম্বুলেন্সৰ দ্বাৰা যাত্ৰী কঢ়িয়াই আনোতেই ধৰা পেলালে আৰক্ষীয়ে।
বিশ্বনাথত সংঘটিত হৈছে এই ঘটনা। গহপুৰৰ পৰা যাত্ৰী কঢ়িয়াই আনিছিল এম্বুলেন্সখনে। কিন্তু দিন বেয়া আছিল বপুৰাৰ। বিশ্বনাথ আৰক্ষীয়ে ধৰা পেলালে এম্বুলেন্স চালকৰ এই কাৰ্য। ফলত যাত্ৰীসহ চালকক কাণত ধৰি আঠু কঢ়ালে আৰক্ষীয়ে। অধিক ভাড়ালৈ এম্বুলেন্স চালকে এনে কাৰ্য কৰাৰ অভিযোগ।