চিকিৎসকলৈ সকাহঃ এইবাৰ ৰবটে কৰিব ক’ৰোনা টেষ্ট
নিয়মীয়া বাৰ্তা, ২৮ মাৰ্চঃ সমগ্ৰ বিশ্বত প্ৰতিটো মুহূৰ্ততে ক’ৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আছে । ২০ সহস্ৰাধিক লোকে প্ৰাণ হেৰুওৱা এই মহামাৰীত প্ৰাণ হেৰুৱাইছে বহু চিকিৎসকে । ৰোগীৰ লগত সকলো সময়তে ব্য়স্ত থকা চিকিৎসক সকলৰ কথা চিন্তা কৰি এইবাৰ স্পেইন তৈয়াৰ কৰিছে এক অভিনৱ ৰবট । এই ৰবটৰ ফলত ক’ৰোনাত আক্ৰান্ত হোৱা চিকিৎসকৰ সংখ্যা হ্ৰাস পাব বুলি আশা কৰিছে স্পেইনে । স্পেইনৰ মুঠ জনসংখ্যাৰ প্ৰায় ১২ শতাংশ হৈছে চিকিৎসক ।
চিকিৎসকৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি স্পেনিছ প্ৰশাসনে জনাইছে যে এই ৰবটে প্ৰতিদিনে ৮০,০০০ লোকৰ টেষ্ট সম্পন্ন কৰিব পাৰিব । ৰবটে টেষ্ট কৰাৰ সময়ত কোনো চিকিৎসকক কাষত থাকিবলৈ দিয়া নহ’ব । কোনো ব্যক্তি যদি ক’ৰোনাত আক্ৰান্ত হৈছে তেন্তে এতিয়াৰে পৰা প্ৰাথমিক পৰীক্ষা সম্পন্ন কৰিব এই বিশেষ ৰবটে ।
অৱশ্যে বৰ্তমানলৈকে স্পেইন চৰকাৰৰ তৰফৰ পৰা এই ৰবটে কেতিয়াৰ পৰা কাম আৰম্ভ কৰিব সেই সম্বন্ধে কোনো কথা জনোৱা নাই । মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটনত ইতিমধ্যে ক’ৰোনা আক্ৰান্ত ৰোগীৰ শৰীৰৰ পৰা নমুনা সংগ্ৰহ কৰিছে ৰবটে ।