ঝংকাৰ শইকীয়া হত্যাঃ ১২ দোষীৰ শাস্তি ঘোষণা আদালতৰ
নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ ২০১৩ চনৰ ২৫ জুনৰ বুকু কঁপি যোৱা এটি ঘটনা। পিতৃৰ সন্মুখতেই পুত্ৰক বৰ্বৰ আক্ৰমণ আৰু নৃশংস হত্যা। পিতৃ অসহায়! পিতৃৰ চিঞৰ যেন কোনেও শুনা নাই। মাত্ৰ ১০ টকাৰ বাবেই একাংশ উন্মাদ লোক জঁপিয়াই পৰিল ঝংকাৰৰ ওপৰত। আপোনাৰ হয়তু ঝংকাৰ শইকীয়াক মনত আছে। কাৰ্বি আংলঙৰ ডিফু চহৰৰ মাজমজিয়াত সংঘটিত হৈছিল এই অমানবীয় হত্যাকাণ্ড। সুদীৰ্ঘ ৭ বছৰৰ পাছত আজি ৰায়দান দিয়ে ডিফু জিলা সত্ৰ ন্যায়াধীশ আদালতে।
আদালতে দোষী ঘোষণা কৰা ১৬জন অভিযুক্তৰ ১২জনক দোষী সাব্যস্ত কৰে আদালতে। আৰক্ষীসহ চাৰিজন লোকক দোষমুক্ত ঘোষণা কৰি আটাইকেইজন অভিযুক্তৰ যাবজ্জীৱন কাৰাদণ্ড বিহে আদালতে।
ঝংকাৰ শইকীয়াৰ পিতৃ হীৰেন শইকীয়াই কয় যে আজি মই যথেষ্ঠ সুখী। আমাৰ বিশ্বাস আছিল এদিন ঝংকাৰে এদিন ন্যায় পাব।