নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টংলাত ইউপিপিএলৰ পদযাত্রাত সহস্রাধিকৰ অংশগ্রহণ

‘বিপিএফৰ নেতা পালিনেতাই সম্পত্তিৰ পাহাৰ গঢ়িলে’

নিয়মীয়া বাৰ্তা ১৪ মাৰ্চঃ ওদালগুৰি জিলাৰ টংলাত শুকুৰবাৰে পৰিৱর্তন পদ যাত্রা আৰম্ভ কৰে ইউপিপিএল দলে৷ বিটিচিৰ ৩৪ নং খালিংদুৱাৰ ব্লক ইউপিপিএল দলৰ উদ্যোগত টংলাৰ বৰদলৈ ভৱন প্রাংগণত অনুষ্ঠিত বিশাল যোগদান পর্ব তথা নির্বাচনী প্রচাৰ সভাত সহস্রাধিক লোকে অংশ লয়৷ সভাত ইউপিপিএল দলৰ সভাপতি প্রমোদ বড়োৱে কয় যে এইবাৰ বিটিচিত ৰাইজৰ চৰকাৰ গঠন হ’ব৷ এই চৰকাৰত বিপিএফৰ নিচিনা ই এম, জিএমৰ চৰকাৰ নাথাকিব৷ শাসন ব্যৱস্থাটোৰ পৰিৱর্তন কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে৷ তেওঁ লগতে কয় যে এইবেলি ইউপিপিএল দলৰ চৰকাৰে অঞ্চলটোত বসবাস কৰা বিভিন্ন জাতি–ধর্ম–ভাষা জনগোষ্ঠীক সম মর্যাদা, সমধিকাৰ প্রদান কৰিব৷ এই কাৰণেই সকলো জনগোষ্ঠীৰ লোকক একেলগে লৈ আগবাঢ়িব বিচৰা বুলি তেওঁ দোহাৰে৷ খালিংদুৱাৰ ব্লক ইউপিপিএলৰ সম্পাদক বিৰদাও বড়োৱে আঁত ধৰা যোগদান সভাত ভেৰগাঁও জিলা ইউপিপিএলৰ সভাপতি নন্দৰাম বডো, উপ–সভাপতি মনমোহন বড়ো, নির্মল বড়ো, সম্পাদক ৰাজেন বড়ো সহিতে কেন্দ্রীয় সাংগঠনিক সম্পাদক ৰুদ্র বাহাদুৰ ছেত্রী, খগেন ডেকা উপস্থিত থাকে৷ সভাখনতে বিপিএফৰ লগতে কংগ্রেছ, বিজেপি আদিৰ সহস্রাধিক সদস্যই ইউপিপিএল দলত যোগদান কৰে৷ যোগদান পর্বৰ পিছতে টংলাৰ বৰদলৈ ভৱন প্রাংগণৰ পৰা পৰিৱর্তন ৰেলীও উলিওৱা হয়৷ আনহাতে টংলাৰ পিছতে ওদালগুৰিৰ দুর্গা মন্দিৰতো ইউ পি পি এলৰ এক নির্বাচনী প্রচাৰ সভা অনুষ্ঠিত হয়৷ এই সভাতো এনডিএফবিৰ চাৰিওটা গোটৰ আঠশৰো অধিক সদস্যই আনুষ্ঠানিকভাৱে ইউপিপিএলত যোগদান কৰে৷ ওদালগুৰি জিলাত দহখন আসনেই ইউপিপিএলে লাভ কৰিব বুলি ৰাজনৈতিক মহলত চর্চিত হৈছে৷
‘বিপিএফৰ নেতা পালিনেতাই সম্পত্তিৰ পাহাৰ গঢ়িলে’
সম্পূর্ণ ১৭ বছৰে বিপিএফ দলে বিটিচি অঞ্চলৰ ৰাইজৰ উন্নয়নৰ বাবে একো কামেই নকৰিলে৷ দলটোৰ নেতা–পালিনেতাসকলে কেৱল নিজৰ কথাহে চিন্তা কৰিলে৷ দুর্নীতি, ভ্রষ্টাচাৰেৰে লাখ লাখ টকা আত্মসাৎ কৰি সম্পত্তিৰ পাহাৰ গঢ়িলে৷ –এই অভিযোগ ইউপিপিএল দলৰ নৱনির্বাচিত সভাপতি প্রমোদ বডোৰ৷ আজি ইউপিপিএলৰ ২৯ নং শুক্লাই চেৰফাং ব্লক সমিতিৰ উদ্যোগত নাওকাটাত অনুষ্ঠিত এখন ৰাজহুৱা সভাত অংশগ্রহণ কৰি মুখ্য অতিথিৰ ভাষণত তেওঁ লগতে কয় যে অঞ্চলটোৰ সর্বসাধাৰণ ৰাইজে একো পাবলৈ সক্ষম হোৱা নাই, ৰাইজৰ একো উন্নতি হোৱা নাই৷ উন্নয়নৰ নামত কেৱল ৰাজ্য চৰকাৰ আৰু কেন্দ্রীয় চৰকাৰৰ অঞ্চল উন্নয়ন পুঁজিৰে বিটিচি অঞ্চলৰ ৰাস্তা–ঘাট, স্বাস্থ্য, শিক্ষা আদিৰে ক্ষেত্র উন্নয়ন সাধন হৈছে৷ বিটিচিৰ উন্নয়নৰ বাবে কেন্দ্রীয় চৰকাৰে দিয়া পাঁচ হাজাৰ কৌটি টকাৰ কেনে সৎ ব্যৱহাৰ কৰিলে বুলিও তেওঁ প্রশ্ণ উত্থাপন কৰে৷ ইউপিপিএলৰ ২৯ নং শুক্লাই চেৰফাং ব্লক সমিতিৰ সভাপতি বিপিন বডোৱে আঁতধৰা সভাখনত প্রমোদ বড়োৱে কেন্দ্রীয় চৰকাৰৰ লগত অনুষ্ঠিত বিটিআৰ শান্তি চুক্তিৰ পিছতে বিটিচিত অশান্তিৰ সমস্যা সমাধান হ’ল বুলি মন্তব্য কৰে৷ ভাষা–সংস্কৃতিৰ ক্ষেত্রত তেওঁ বডো ভাষা যদি কার্যালয়ৰ ভাষা হয়, তেনেহ’লে অসমীয়া ভাষাও কার্যালয়ৰ ভাষা হ’ব লাগিব বুলি মন্তব্য কৰে৷ ইয়াৰ লগতে বিদ্যালয়সমূহত নেপালী, গোর্খা ভাষাৰ শিক্ষক নিযুক্তি দিয়াৰ দাবী জনোৱাৰ উপৰি অন্য ভাষা–গোষ্ঠীৰ লোকসকলৰো সমানে উন্নয়ন হ’ব লাগে আৰু সকলোৱে সমানে আগুৱাই যাব লাগিব বুলিও মত প্রকাশ কৰে৷ তামুলপুৰ জিলা ইউপিপিএলৰ সভাপতি বিপুল কুমাৰ বসুমতাৰীয়ে উদ্বোধন কৰা সভাখনত তেওঁ ভাষণ প্রসংগত ৰাজনীতি তেওঁৰ নিচাও নহয় আৰু পেছাও নহয় বুলি উল্লেখ কৰি বিটিআৰ শান্তি চুক্তিৰ জৰিয়তে বিটিচি অঞ্চলত থকা বডো, আদিবাসী, মুছলমান, ৰাজবংশী লগতে অন্যান্য জনগোষ্ঠীসমূহৰ মাজত হৈ থকা সন্দেহৰ ভাব দূৰ কৰি বিশ্বাসৰ ভাব সৃষ্টিৰে সমাজখনক আগুৱাই লৈ যাব লাগিব বুলি কয়৷ ভেদাভেদে কেতিয়াও সমাজত শান্তি আনিব নোৱাৰে বুলি তেওঁ মন্তব্য কৰে৷ সভাখনৰ লগত সংগতি ৰাখি হোৱা যোগদান সমাৰোহত সমাজকর্মী তাৰিণী চৰণ ব্রহ্ম, অৱসৰপ্রাপ্ত প্রধান শিক্ষক দয়াৰাম বড়ো, হৰেন দৈমাৰী, তুলসীৰাম বড়ো, মায়াৰাম বড়ো, ভবেন চন্দ্র বড়ো, পূব ডেফেলী আগছুৰ সাহিত্য সম্পাদক হোমলাল শর্মা, বিপিএফৰ প্রাক্তন অধ্যক্ষ মহেন্দ্র স্বর্গীয়াৰী, চুৰেন ব্রহ্ম, অজিত স্বর্গীয়াৰী, সঞ্জয় নার্জাৰীৰ লগতে বিপিএএফ, অবড়ো, কোচ ৰাজবংশী, এবছু, প্রাক্তন এনডিএফবিকে ধৰি পাঁচ শতাধিক পুৰুষ–মহিলাই ইউ পি পি এলত যোগদান কৰে৷ সভাত তামুলপুৰ জিলা ইউপিপিএলৰ বুথ সমিতিৰ সম্পাদক ৰৌমেই স্বর্গীয়াৰী, মহিলা কোষৰ সভানেত্রী কুঞ্জ বসুমতাৰী, সম্পাদিকা মাধৱী স্বর্গীয়াৰী,ব্লক সমিতিৰ সভানেত্রী নীলিমা ইছলাৰী, পর্যবেক্ষক খগেন ডেকা, কেন্দ্রীয় সমিতিৰ খাইনুৰ আলী, প্রদীপ বসুমতাৰী, নজৰুল ইছলাম, আফজল আলী, মজিবুৰ আলী,বাচিৰাম ৰামচিয়াৰীৰ লগতে দলৰ নেতা–কর্মীসকল উপস্থিত থাকে৷

You might also like