নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডাম্পাৰ-টেম্প’ৰ মুখামুখি সংঘৰ্ষ, নিহত ৫জন

নগাঁৱত দুৰ্ঘটনা

নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰঃ নগাঁৱৰ কুৰুৱাবাহীত শনিবাৰে সংঘটিত হোৱা ভয়ংকৰ দুৰ্ঘটনাত নিহত হয় এগৰাকী মহিলাসহ ৫জনকৈ লোক লগতে গুৰুতৰভাৱে আহত হয় শিশুসহ আন ৪গৰাকী। আৰক্ষীৰ সূত্ৰৰ মতে নগাঁৱৰ পৰা এখন টেম্প’ৱে জাজৰি অভিমুখে যাত্ৰী কঢ়িয়াই নিয়াৰ অৱস্থাত কুৰুৱাবাহী এল পি স্কুলৰ সন্মুখত মাটি কঢ়িয়াই অনা এখন ডাম্পাৰৰ সৈতে মুখামুখি সংঘৰ্ষ হয়। দুৰ্ঘটনাটোত থিতাতে নিহত হয় দুলুমণি দেৱী, আব্বাছ আলী, প্ৰাঞ্জল বৰদলৈ, সোণটি আহমেদ আৰু আতিকুৰ ৰহমান আনহাতে আহত কেইজন হোমবৰ আলী, তন্ময় নাথ, শিল্পা দেৱী আৰু ডম্বৰু হীৰা। দুৰ্ঘটনাটোত টেম্প’খন বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাৰ উপৰিও ডাম্পাৰখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ খাৱৈত বাগৰি পৰে। দুৰ্ঘটনাটোত আহত দুই শিশু ক্ৰমে তন্ময় নাথ আৰু শিল্পা দেৱী নিহত দুলুমণি দেৱীৰ সন্তান। আহতসকলক ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে যদিও আটাইৰে অৱস্থা সংকটজনক।