নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিজিটেল মাৰ্কশ্বীটৰ আধাৰত হ’ব শিক্ষাৰ্থীসকলৰ নামভৰ্তি

নিয়মীয়া বাৰ্তা, ৭ মেঃ জুন মাহৰ মাজভাগত ঘোষণা হ’ব মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীৰ পৰীক্ষাৰ ফলাফল। এইবাৰ মাৰ্কশ্বীট ডিজিটেল ৰূপত দিয়া হ’ব আৰু ডিজিটেল মাৰ্কশ্বীটৰ আধাৰতেই কলেজত নামভৰ্তি কৰিব পাৰিব শিক্ষাৰ্থীসকলে। গতিকে মাৰ্কশ্বীট ল’বলৈ শিক্ষাৰ্থীসকল স্কুল বা কলেজলৈ যাব নালাগে। পৰৱৰ্তী সময়ত পৰিস্থিতি সুস্থিৰ হ’লে ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰিব মাৰ্কশ্বীট। কলেজৰ নামভৰ্তি অনলাইন যোগে হ’ব আৰু অনলাইনৰ আৱেদনতেই বেংক একাউণ্টত বেংকৰ সকলো তথ্য লোৱা হ’ব বুলি সংবাদমেলত মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

You might also like