নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিটেনচন কেম্পলৈ প্রেৰণ কৰা নহয় সতি–সন্ততিক

লোকসভাত এনআৰচিত বাদ পৰা পৰিয়ালক লৈ স্থিতি স্পষ্ট কৰিলে কেন্দ্রীয় গৃহ ৰাজ্যমন্ত্রীয়ে

নিয়মীয়া বাৰ্তা ১২ ফেব্ৰুৱাৰীঃ পিতৃ–মাতৃৰ নাম সন্নিৱিষ্ট হোৱা সত্ত্বেও ৰাষ্ট্রীয় নাগৰিকপঞ্জী (এনআৰচি)ৰ পৰা বাদ যোৱা সতি–সন্ততিসকলক ডিটেনচন চেণ্টাৰলৈ প্রেৰণ কৰা নহয়৷ ডচ্চতম ন্যায়ালয়ৰ মজিয়াত কেন্দ্রীয় চৰকাৰৰ হৈ এটন্ জেনেৰেল কে কে বেণুগোপালে এই কথা স্পষ্ট কৰি দিছে৷ লোকসভাৰ মজিয়াত কেন্দ্রীয় গৃহ বিভাগৰ ৰাজ্যমন্ত্রী নিত্যানন্দ ৰাইয়ে নাগৰিকপঞ্জীৰ পৰা বাদ যোৱা সতি–সন্ততিসকলক যে পিতৃ–মাতৃৰ পৰা আঁতৰ কৰা নহয়, সেই কথা অৱগত কৰে৷ সদনৰ প্রশ্ণোত্তৰকালত বিজেপি সাংসদ লালন সিং আৰু জনতা দল ইডনাইটেডৰ সাংসদ কৌশলেন্দ্র কুমাৰৰ এক প্রশ্ণৰ ডত্তৰত মন্ত্রী ৰাইয়ে প্রকাশ কৰা মতে, চলিত বর্ষৰ ৬ জানুৱাৰীত এটন্ জেনেৰেলে ডচ্চতম ন্যায়ালয়ত জনাই দিছিল যে পিতৃ–মাতৃৰ নাম থকা সত্ত্বেও ৰাষ্ট্রীয় নাগৰিকপঞ্জীত নাম নথকা তেওঁলোকৰ সতি–সন্ততিক পিতৃ–মাতৃৰ পৰা আঁতৰ কৰা নহয় তথা ডিটেনচন চেণ্টাৰলৈ প্রেৰণ কৰা নহয়৷ এইক্ষেত্রত উচ্চতম ন্যায়ালয়ে অনুমোদন জনোৱা ষ্টেণ্ডার্ড অপাৰেটিং প্র’চিডিডৰত নাগৰিকপঞ্জীত নাম নথকা সতি–সন্ততিসকলৰ বাবে বিশেষ ব্যৱস্থা ৰখা হৈছে৷ পিছে সমগ্র বিষয়টোত শপতনামাযোগে কেন্দ্রীয় চৰকাৰৰ স্থিতি স্পষ্ট কৰিবলৈ ডচ্চতম ন্যায়ালয়ে নির্দেশ দিছে বুলি বিভাগীয় ৰাজ্যমন্ত্রী নিত্যানন্দ ৰাইয়ে সদনক অৱগত কৰে৷ লক্ষণীয়ভাৱে লোকসভাত আন এক প্রশ্নৰ ডত্তৰত মন্ত্রী ৰাইয়ে স্পষ্ট কৰি দিয়ে যে দ্বৈত নাগৰিকত্বৰ বিষয়টো কেন্দ্রীয় চৰকাৰে বিবেচনা নকৰে৷ কাৰণ সংবিধানৰ ৯ আৰু ১১ অনুচ্ছেদে আমাৰ দেশত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা প্রৱর্তনৰ পোষকতা নকৰে৷ মন কৰিবলগীয়া যে লোকসভাৰ প্রশ্নোত্তৰকালত অসমৰ ৰাষ্ট্রীয় নাগৰিকপঞ্জীক লৈ কেইবাটাও প্রশ্ন উত্থাপিত হোৱা পৰিলক্ষিত হৈছে৷ এনে এক প্রশ্ন ৰ উত্তৰত মন্ত্রী ৰাইয়ে প্রকাশ কৰা মতে নাগৰিকপঞ্জীত নাম থকা লোকসকলক এতিয়ালৈকে কোনোধৰণৰ পৰিচয়–পত্র প্রদান কৰা হোৱা নাই৷ আনহাতে ৰাষ্ট্রীয় নাগৰিকপঞ্জী ডন্নীতকৰণ প্রক্রিয়াৰ বাবে কেন্দ্রীয় চৰকাৰে মুঠ ১,৬০২.৬৬ কোটি টকা অনুমোদন জনাইছিল যদিও এতিয়ালৈকে অসম চৰকাৰক ১,৩৪৮.১৩ কোটি টকাহে মোকলাই দিয়া হৈছে।

You might also like