নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিটেনচন কেম্পৰ পৰা মুকলি হোজাইৰ ১০ বিদেশী ঘোষিত নাগৰিক

৩ বছৰৰ পৰা ১০ বছৰীয়া বন্দী জীৱনৰ অৱসান

হোজাইঃ হোজাইৰ বিদেশী ঘোষিত ১০গৰাকী লোকক অৱশেষত মুকলি আকাশৰ তলত। উল্লেখ্য যে ডিটেনচন কেম্পত ৩বছৰৰ অধিক কাল কটোৱা বিদেশীক চৰ্ত সাপেক্ষে মুকলি কৰি দিয়াৰ নিৰ্দেশ দিছিল উচ্চতম ন্যায়ালয়ে। সেই মৰ্মে শুকুৰবাৰে গোৱালপাৰা, তেজপুৰ, কোকৰাঝাৰ ডিটেনচন কেম্পত বন্দী হৈ থকা ১০জন  লোকক মুকলি কৰি দিয়া হয়। লোককেইজন হোজাই জিলাৰ বিভিন্ন অঞ্চলৰ।