ডিমাকুছিৰ টেংকীবস্তিত দুষ্কৃতিকাৰীয়ে জ্বলাই দিলে চাহ বাগিচা
নিয়মীয়া বাৰ্তা ১ এপ্ৰিলঃ ৰাজ্যবাসীয়ে লকডাউন পালন কৰাৰ সময়তে মঙলবাৰে ওদালগুৰি জিলাৰ ডিমাকুছি থানাৰ অন্তৰ্গত ভূটান সীমান্তৰ টেংকিবস্তিত দুৰ্বৃত্তই চাহ খেতিত অগ্নিসংযোগ কৰে। অঞ্চলটোৰ ক্ষুদ্ৰ চাহ খেতিয়ক অনল দৈমাৰীয়ে দেশত লকডাউন ঘোষণা হোৱাৰ পিছত চাহ খেতি এৰি নিজ ঘৰতে আছিল। যোৱানিশা দুৰ্বৃত্তই দৈমাৰীৰ প্ৰায় তিনিবিঘা চাহ খেতিত
অগ্নিসংযোগ কৰে। ফলত সম্পূৰ্ণভাৱে জুইত জাহ যায় চাহ খেতি। এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। একাংশ লোকে জানিবলৈ দিয়া মতে লকডাউনত সকলো গৃহবন্দী হোৱাৰ সুযোগ লৈ চোৰাং চিকাৰীয়ে বন্য জীৱ-জন্তু বিচাৰি হাবিত সোমাইছিল। বন্যপ্ৰাণী তথা জীৱ-জন্তু ধৰিবলৈ চাৰিওফালে অগ্নিসংযোগ কৰাৰ পৰিণতিত দৈমাৰীৰ চাহ খেতিতো জুই বিস্তাৰিত হৈ চাহ খেতি জুইত জাহ যায়। ঘটনা সন্দৰ্ভত চাহ খেতিয়ক দৈমাৰীয়ে সশস্ত্ৰ সীমাবলক অৱগত কৰে।