ডিমৌত মানস ৰবীনৰ লগত বিজেপি কৰ্মীৰ সংঘাত
নিয়মীয়া বাৰ্তা ১৪ মাৰ্চঃ ডিমৌত সংগীতশিল্পী মানস ৰবীন আৰু বিজেপি কৰ্মীৰ মাজত সংঘাত। বিজেপিৰ উদ্যোগত ডিমৌত বিহু পতাৰ বিৰুদ্ধে মানস ৰবীনে ডিমৌ চাৰিআলিত অনুষ্ঠিত কৰা পথসভাত বাধা দিয়ে বিজেপিৰ যুৱমৰ্চাৰ সদস্যই। দুয়োপক্ষৰ মাজত প্ৰথমে তীব্ৰ বাক-বিতন্দা হয় আৰু পিছত হতাহতিৰ লগতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ লোৱাত শিল্পী মানস ৰবীনক ডিমৌ আৰক্ষীয়ে উদ্ধাৰ কৰি থানালৈ লৈ আহে।